অসমগুৱাহাটী

কলাক্ষেত্ৰত সফলতাৰে সম্পন্ন চতুৰ্থসংখ্যক মৰমলেণ্ড অসম এৱাৰ্ডছ (মা) ২০১৮

গুৱাহাটীৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে কলাক্ষেত্ৰত যোৱা ৮ এপ্ৰিলত আয়োজন কৰিলে চতুৰ্থসংখ্যক মৰমলেণ্ড অসম এৱাৰ্ডছ (মা) ২০১৮। মৰমলেণ্ডৰ সঞ্চালক মৰম কুমাৰে আঁত ধৰা উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে কয়, ‘আমি সকলোৱে সমাজৰ সুস্থ ৰূপটো ধৰি ৰখাৰ বাবে অৰিহণা আগবঢ়াই যাব লাগিব। এই ভাল কামবোৰৰ জৰিয়তে আমি এখন শান্তিৰ অসম গঢ়িব পাৰিম। মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিয়ে অসমৰ ভিন্ন প্ৰান্তৰ ব্যক্তিসকলক সন্মানিত কৰি যি আদৰ্শ স্থাপন কৰিবলৈ ওলাইছে, তাত মই অভিভূত। এইদৰে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব।’ সেইদিনা পূৰ্ব ঘোষণা অনুসৰি ৪.৪৪ বজাত অনুষ্ঠান আৰম্ভ কৰাৰ বাবে মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিৰ উক্ত পদক্ষেপৰো শলাগ লয় মন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানত ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদানেৰে সন্মানিত কৰা হয়। বছৰটোৰ ‘মেন অৱ দ্য ইয়েৰ’ বঁটা প্ৰদান কৰা হয় প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট প্ৰযোজক সঞ্জীৱ নাৰায়ণক। নাৰায়ণক উক্ত বঁটা প্ৰদান কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত সঞ্জীৱ নাৰায়ণে এইদৰে উল্লেখ কৰে, ‘আজি মই অভিভূত। মোক এই সন্মান দি মোক আগন্তুক দিনত মানুহৰ হকে আৰু কাম কৰি যোৱাত আৰু অধিক উৎসাহ যোগালে মৰমলেণ্ডে।’ জনাকীৰ্ণ অনুষ্ঠানটোত বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মলৈ আগবঢ়োৱা হয় ‘ৱ’মেন অৱ দ্য ইয়েৰ’ বঁটা। বিশেষ অসুবিধাবশত মন্ত্ৰীগৰাকী উপস্থিত থাকিব নোৱাৰাত তেওঁৰ প্ৰতিনিধিয়ে এই বঁটা গ্ৰহণ কৰে।

আনহাতে, চলিত বৰ্ষৰপৰা প্ৰৱৰ্তন কৰা ৰাজনৈতিক বঁটাৰ ক্ষেত্ৰত শাসক পক্ষৰ শ্ৰেষ্ঠ বিধায়ক তথা বিৰোধী পক্ষৰ শ্ৰেষ্ঠ বিধায়কৰ বঁটা লাভ কৰে ক্ৰমে মৃণাল শইকীয়া আৰু আব্দুল খালেকে। বিশিষ্ট চিকিৎসক তথা ড্ৰাগছ-এইডছ বিৰোধী অভিযানৰ অন্যতম হোতা ডা: এছ আই আহমেদলৈ আগবঢ়োৱা হয় ‘প্ৰাইড অৱ নৰ্থ ইষ্ট এৱাৰ্ড’ সন্মান। বিশেষ ‘লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড’ আগবঢ়োৱা হয় বলিউডৰ সংগীত পৰিচালক ৰাজ কুমাৰ ৰাজেক। উত্তৰ-পূৱৰ বিখ্যাত উদ্যোগী শ্যামকানু মহন্তৰ পৰিকল্পনাৰ ‘বঙালী মহোৎসৱ’লৈ আগবঢ়োৱা হয় ‘বেষ্ট ইভেণ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড’। ‘ডক্টৰ অৱ দ্য ইয়েৰ’ এৱাৰ্ড লাভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডা: ৰূপশেখৰ ডেকাই। বেষ্ট এডুকেশ্বনেল ইনষ্টিটিউটৰ বঁটা আগবঢ়োৱা হয় পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীলৈ। একাডেমীখনৰ হৈ এই বঁটা প্ৰদান কৰা হয় ৰেক্টৰ ড. ৰঞ্জিত ডেকাক।

এই বৰ্ষৰপৰা প্ৰৱৰ্তন কৰা লোকৰত্নাগৰ্ভা ড: ডলী দাস লোকসংস্কৃতি এৱাৰ্ড লাভ কৰে ক্ৰমে হেমপ্ৰভা চুতীয়া আৰু ড: মেনকা পি পি বৰাই। উক্ত বঁটাৰ লগত দুয়োগৰাকীলৈ ১৫ আৰু ১০ হেজাৰ টকাৰ প্ৰাইজমানিও আগবঢ়োৱা হয়। শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বিশেষ বঁটা লাভ কৰে বিশিষ্ট কণ্ঠশিল্পী ড‌‌‌‌° সংগীতা কাকতিয়ে। মণিকুন্তলা ভট্টাচাৰ্যই ‘ৰাইটাৰ অৱ দ্য ইয়েৰ’, আন্ত:ৰাষ্ট্ৰীয়ভাৱে পৰিচিত উদ্যোগী ৰাজেশ দাসে ‘বেষ্ট এণ্ট্ৰিপ্ৰিনিউৰ অৱ দ্য ইয়েৰ’ আৰু যোগেশ কাশ্যপে বিজু ফুকন শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। পংকজ শৰ্মালৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ ৰাজনৈতিক সাংবাদিকতাৰ বঁটা।

আনহাতে, এই বৰ্ষৰ পৰা আৰম্ভ কৰা সমন্বয় সম্প্ৰীতি বঁটা আগবঢ়োৱা হয় গীতিকাৰ, কণ্ঠশিল্পী তথা লেখক জ্যোতিষ কুমাৰ দেৱলৈ। বিগত তিনিটা বৰ্ষৰ শ্ৰেষ্ঠ ভক্তিমূলক গীতৰ বঁটা লাভ কৰে ৰূপালী শৰ্মা আৰু জি চি মেধীয়ে প্ৰস্তুত কৰা সৰস্বতী বন্দনাটিয়ে। ৰাজ হাজৰিকালৈ ‘বেষ্ট স্প’ৰ্টছমেন এৱাৰ্ড’ আৰু বিটিএডিৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীলৈ আগবঢ়োৱা হয় ‘পাৰফেক্ট লীডাৰ এৱাৰ্ড’। অন্যান্য শিতানৰ বঁটা বিজয়ীসকল হ’ল কাষ্টিং ডাইৰেক্টৰ মছিফ আহমেদ, কণ্ঠশিল্পী মৌৰুছী বৰা, ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, সাংস্কৃতিক সংগঠক প্ৰকাশ ডেকা, সংগীত শিল্পী সত্য শিৱ কেওট, সত্ৰ সংস্কৃতিৰ সাধক ড° হৰিৰাম দাস। আনহাতে, ড° সুনন্দ চৌধুৰী, হিমানী চৌধুৰী, পুলেন্দ্ৰ মোহন দাস, জেউতি হাজৰিকা, কামিনী মোহন শৰ্মাকে ধৰি কেইগৰাকীমান সাহিত্যিকলৈ আগবঢ়োৱা হয় ‘সাহিত্যশ্ৰী এৱাৰ্ড’। অনুষ্ঠানত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু দিনেশ দাস, চন্দ্ৰ প্ৰকাশৰ প্ৰকাশকদ্বয় ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ডা: ৰবীন্দ্ৰ মোহন শৰ্মা, সত্ৰাধিকাৰ মথুৰা মোহন তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিৰ তৰফৰ পৰা নিৰ্মাণ হৈ থকা উত্তৰ-পূৱৰ প্ৰথমটো নেশ্বনেল হিন্দী এলবামৰ শীৰ্ষক গীতটোও আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ত্ৰিভাংগী গ্ৰুপৰ সত্ৰীয়া নৃত্য আৰু বাবা কোঁৱৰৰ বিহু দলৰ বিহু পৰিবেশনে অনুষ্ঠানত উপস্থিত থকা সকলোকে আপ্লুত কৰি তোলে। মান্নাত প্ৰডাকশ্বনৰ পৰিকল্পনাৰ ফেশ্বন শ্ব’টি আছিল অনুষ্ঠানৰ অন্যতম মূখ্য আকৰ্ষণ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close