অসমশীৰ্ষ

কাৰ্বি ছাত্ৰ সন্থা-তুলিৰাম ৰংহাংৰ সংঘাত, ছাত্ৰনেতা চেমচন টেৰণৰ ভাষণক লৈ ক্ষুব্ধ হৈছে তুলিৰাম ৰংহাং

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: কাৰ্বি ছাত্ৰ সংস্থাৰ সভাপতি চেমচন টেৰণৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। আকোঁৰ গোজ হৈ পৰিছে বিজেপিবাহিনী। ছাত্ৰনেতাই শীঘ্ৰে ক্ষমা বিচৰাৰ দাবী কৰিছে কাৰ্বি পৰিষদীয় বিথুং ৰেংথমা বিজেপিৰ সমৰ্থকে। বিষয়টোক কেন্দ্ৰ কৰি কলঙাত অৱস্থিত গঢ়কাপ্তানী ডাক বাংলাত সোমবাৰে সমবেত হৈছিল শতাধিক ক্ষুব্ধ বিজেপি কৰ্মী।

ছাত্ৰ নেতা চেমচন টেৰণে হেনো হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ সভাত স্বায়ত্ব শাসিত পৰিষদৰ কেতবোৰ দুৰ্বলতা আৰু ব্যৰ্থতা সম্পৰ্কে ভাষণ প্ৰদান কৰিবলৈ গৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰামৰ নেতৃত্বত থকা চৰকাৰখনক বন গাহৰিৰ সৈতে ৰিজিয়াইছে। এই অভিযোগ পৰিষদীয় বিথুং ৰেংথমা সমষ্টিৰ বিজেপি কৰ্মীৰ। ইয়াকে কেন্দ্ৰ কৰি প্ৰায় শতাধিক উত্তেজিত বিজেপি কৰ্মীয়ে আকোঁৰ গোজকৈ ছাত্ৰ নেতা চেমচন টেৰণক ভুল স্বীকাৰ কৰোৱাই ৰাইজৰ আগত ক্ষমা বিচাৰিবলৈ দাবী কৰিছে। অন্যথা আইনৰ জৰিয়তে উচিত আৰু বিহীত ব্যৱস্থা লোৱা হ’ব তথা বিষয়টোক লৈ গোচৰ দিয়া হ’ব বুলিও হুংকাৰ দিছে।

ইফালে ছাত্ৰ সংগঠটোৱে খেৰণিত অৱস্থিত কৃষি বিভাগৰ অতিথিশালাত এক সংবাদমেল আয়োজন কৰি ছাত্ৰ নেতা চেমচন টেৰনে এই সংক্ৰান্তত স্পষ্টীকৰণ দি কয় যে, চিইএম ডাঙৰীয়াক সমাজত হেয় প্ৰতিপন্ন কৰাৰ মোৰ ইচ্ছা নাই। অনিচ্ছাকৃতভাৱে মোৰ জিভা পিছলি গৈছে বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে। ইফালে একেখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক মণ্ডল ইংহিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এগৰাকী দায়িত্বশীল মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে সাধাৰণ এটা কথা সহ্য কৰিব নোৱাৰি প্ৰত্যুত্তৰ দিবলৈ সম্প্ৰতি গালি-গালাজ দিয়াৰ উপৰি ভাবুকি প্ৰদান কৰাটো অতি দুৰ্ভাগ্যজনক। গতিকে ছাত্ৰ নেতা চেমচন নহয় তুলিৰামেহে ওলোটা ছাত্ৰ সংগঠনক ক্ষমা বিচাৰিব লাগে বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close