শীৰ্ষৰাষ্ট্ৰীয়

কিং খানৰ দুশ কোটিটকীয়া ঘৰ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ কিং খান শ্বাহৰুখ। তেওঁ সদায় তেওঁৰ ছবি তথা অনুৰাগীৰ বাবে চৰ্চাত থাকে। বৰ্তমান বলিউডৰ বাদশ্বাহ তেওঁৰ আহিবলগীয়া ছবি ‘জিৰো’ৰ কামত ব্যস্ত। কিন্তু শেহতীয়াকৈ, আন এক বিশেষ কাৰণৰ বাবেহে অভিনেতাগৰাকী চৰ্চালৈ আহিছে। এই বিশেষ কাৰণটো হৈছে তেওঁৰ দুশ কোটিটকীয়া ঘৰ। এই বিশেষ ঘৰটোৰ নাম ‘মন্নত’। ১৯৯৫ চনত ১৫ কোটি টকাত কিং খানে এই বিশেষ ঘৰটো ক্ৰয় কৰিছিল। এতিয়া এই ঘৰটোৰ মূল্য দুশ কোটি টকা। বৰ্তমান এই ঘৰটো পপুলাৰ টুৰিষ্ট চাইটতো অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি কিং খানৰ ডুবাইতো এটা ভিলা আছে।

উল্লেখ্য, ২৬ বছৰৰ বলিউড জীৱন পৰিক্ৰমাত শ্বাহৰুখৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬০০ মিলিয়ন ড’লাৰ। বৰ্তমান প্ৰতিখন ছবিৰ বাবদ তেওঁৰ মাননি ২.৫১ কোটি টকা। ২০০৮ চনত কিং খানে ৭৫ মিলিয়ন ড’লাৰেৰে ‘কোলকাতা নাইট ৰাইডাৰ্ছ’ নামেৰে এটা আইপিএলৰ দলো ক্ৰয় কৰিছিল।

Related Articles

Leave a Reply

Close