অসম

কিশোৰী অপহৰণকাৰীক উত্তম মাধ্যম দি ৰাইজে গতালে আৰক্ষীক

প্ৰথম খবৰ, চেঙা: ৰাজ্যখনত ছাত্ৰী তথা মহিলাৰ ওপৰত ধৰ্ষণ আৰু নিৰ্যাতনৰ ঘটনা বৃদ্ধি হৈ গৈ থকাৰ সময়তে যোৱা নিশা বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত গাদেশালী পামৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগত এজন বিবাহিত পুৰুষক গাদেশালী পামত একাংশ লোকে উত্তম মাধ্যম দি মাজদিয়া আৰক্ষীক গতাই দিয়ে। অপহৰণ কাণ্ডত অভিযুক্ত লম্পটটো নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰৰ প্ৰয়াত সাবুল আলীৰ পুত্ৰ সহৰ আলী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা ১২ মাৰ্চত গাদেশালী পামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে মাজদিয়া আদৰ্শ বিদ্যাপীঠলৈ পাঠ গ্ৰহণৰ বাবে আহিছিল। বিদ্যালয় ছুটীৰ পিছত চৈধ্য বছৰীয়া ছাত্ৰীগৰাকীক ৰাস্তাৰ পৰা সহৰ আলীয়ে অপহৰণ কৰি নি অজ্ঞাত স্থানত ৰখা বুলি সহৰ আলীৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ পিতৃয়ে মাজদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। মাজদিয়া আৰক্ষীয়ে সৰ্থেবাৰী থানাত ৮৮/১৮ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৪১/ ৩৬৬(এ)/৩৪২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত তীব্ৰতৰ কৰি তুলিছিল।

যোৱা শনিবাৰে ভাংনামাৰী আৰক্ষীৰ সহযোগত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ছাত্ৰীগৰাকীক ভাংনামাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও অভিযুক্ত সহৰ আলী পলাতক আছিল। যোৱা নিশা অপহৰণ কাণ্ডত অভিযুক্ত সহৰ আলীক মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি বৰপেটা আদালতলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close