অসম

খনামুখৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ শইকীয়াৰ দেহাৱসান

দিখৌমুখৰপৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: যোৰহাট জিলাৰ তামুলীছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ শইকীয়াৰ ১৭ এপ্ৰিলৰ দিনা নিজা বাসগৃহতে দেহাৱসান ঘটে৷

উল্লেখ্য যে, বাৰ্দ্ধক্যজনিত কাৰণত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা শইকীয়া খনামুখ পেকমনীয়া গাঁৱৰ নিবাসী আছিল৷ শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য শোকবিহ্বল ৰাইজে তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

তামুলীছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বহুকেইটা দল-সংগঠনে শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত শইকীয়াই পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী কন্যাক তথা পৰিয়াল স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close