অসম

খুমটাই বনগাঁওত ইয়ন স্কুটিৰ মুখামুখি সংঘৰ্ষ, নিহত ১

প্ৰথম খবৰ, খুমটাই: বিহুৰ উৎসাহ উদ্দিপনাৰ মাজতে কালি কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই বনগাঁওত ইয়ন আৰু স্কুৰ্টি মাজত মুখামুখি সংঘৰ্ষ হয়।

উল্লেখ্য যে, বনগাঁও গাড়ীগাঁওৰ যুগল বৰা (বুবু) নামৰ এজন ছাত্ৰই সহযোগীৰ সৈতে এখন স্কুটিৰে তীব্ৰ বেগত আহি বিপৰীত দিশৰ পৰা আহি থকা এখন ইয়নৰ লগত মুখামুখি খুন্দা মাৰি চিটিকি পৰে। ইয়নৰ চালক গৰাকীয়ে লগে লগেই আঘাত প্ৰাপ্ত দুয়ো জনকে চিকিৎসা বাবে যোৰহাটলৈ নি থকা অৱস্থাত পথতে যুগল বৰাৰ মৃত্যু হয়। দুৰ্ঘটনা পতিত হোৱা ইয়নৰ চালক তথা মালিক বকুল গগৈয়ে গাড়ী সহ কমাৰগাঁও আৰক্ষী থানাত হাজিৰ হয়।

Related Articles

Leave a Reply

Close