অসম

খোৱাং মদাৰগুৰিত এজোপা গছেলৈছে হনুমান আকৃতি: গছজোপাত ৰাইজৰ দৈনিক পূজা অৰ্চনা:

প্ৰথম খবৰ খোৱাং:   ডিব্ৰুগড় জিলাৰ খোৱাং মদাৰগুৰিত গাঁৱৰ এজন ব্যক্তিৰ ঘৰৰ বাৰীত থকা এজোপা গছকলৈ ৰাইজৰ দৈনিক পূজা অৰ্চনা। অবিশ্বাস্য হলেও এক চিন্তাৰ বিষয়। মদাৰগুৰি হেমন্ত বড়া ঘৰৰ বাৰী ধাপত থকা এজোপা ফুটকলা গছৰ এটা অংশই লৈছে এক হনুমান আকৃতি। প্ৰথম অৱস্থাত গাঁৱৰ দুগৰাকীমান মহিলাই উক্ত আকৃতি পত্যক্ষ কৰাৰ পিছত সমগ্ৰ ঘটনাৰ বিষয়ে অঞ্চলটোত বিয়পি পৰে। লাহে লাহে উক্ত হনুমান আকৃতি চাবলৈ ৰাইজৰ সমাগ হোৱাৰ লগতে বৰ্তমান দৈনিক হাজাৰ হাজাৰ লোকৰ সমাগ্ৰম হৈছে। ৰাইজে গছ জোপা বেৰা দিয়া ব্যৱস্থা কৰি দিনে ৰাতিয়ে পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে । বিভিন্ন জনে গছজোপাৰ আকৃতিক লৈ বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰিছে। প্ৰকৃততে গছজোপাত এইয়া কিহৰ ৰূপ বিশেষজ্ঞৰ সকলৰ পৰ্যালোচনা পিছতহে পোহৰলৈ আহিব বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

Related Articles

Leave a Reply

Close