শেহতীয়া
Home / অসম / গন্ধিয়াত ৬২ সংখ্যক ভঠেলি উৎসৱৰ আয়োজন

গন্ধিয়াত ৬২ সংখ্যক ভঠেলি উৎসৱৰ আয়োজন

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: নলবাৰী জিলাৰ জ্যোতিষ চৰ্চাৰ প্ৰাণ কেন্দ্ৰ গন্ধিয়াত অহা ২১ ব’হাগত দিনজোৰা কাৰ্যসূচীৰে ৬২ সংখ্যক ভঠেলি উৎসৱৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। এই উপলক্ষে কৈলাস শৰ্মাক সভাপতি, বসন্ত শৰ্মা, পুলিন চক্ৰৱৰ্তীক উপ সভাপতি, প্ৰৱাল শৰ্মাক সম্পাদক হিচাপে লৈ এখন ভঠেলি উদ্‌যাপন সমিতি গঠন কৰিছে৷

কাৰ্যসূচী অনুসৰি ২১ ব’হাগৰ পুৱা ৭ বজাত চাফাই অভিযান৷ ৮ বজাত গন্ধিয়া ভঠেলিৰ লগত জড়িত প্ৰয়াত বিশিষ্ট ব্যক্তি সকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ ৯ বজাত বিভিন্ন খেল প্ৰতিযোগিতা। ১০ বজাত তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা। আবেলি ৪ বজাত সম্বৰ্ধনা অনুষ্ঠান। ৪.৩০ বজাত বটাঁ বিতৰণী সভা৷ ৫ বজাত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*