অসমবৰপেটাশীৰ্ষ

গাঁওবুঢ়া-সমবায় সচিবৰ পাছত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত বেংক মেনেজাৰ, পলাতক মূল অভিযুক্ত

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা গ্ৰামীণ বিকাশ বেংকত সংঘটিত হোৱা কৃষি ঋণৰ এক জালিয়াতি পোহৰলৈ অহাৰ পাছতে প্ৰমান-পত্ৰ জালিয়াতিৰ অভিযোগত গাঁওবুঢ়া আৰু সমবায় সচিবৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল বেংকটোৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক অবিনেশ্বৰ কলিতা৷

হাজো নিবাসী এইজন বিতৰ্কিত শাখা প্ৰৱন্ধকক কালি মাজৰাতি গুৱাহাটীৰ জালুকবাৰীৰ পৰা আটক কৰে তাৰাবাৰী আৰক্ষী থানাৰ বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে‌। ২০০৭ চনৰ দুই নবেম্বৰ তাৰিখে চেঙা গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰৱন্ধক হিচাপে যোগদান কৰিছিল এইজন শাখা প্ৰৱন্ধকে৷ পৰৱৰ্তী সময়ত এই বেংক প্ৰতিষ্ঠানটোত দালালৰাজ আৰম্ভ হৈছিল৷ কৃষি ঋণকে ধৰি একাউণ্ট খোলালৈকে সকলোতে ধনৰ লেন-দেন সংঘটিত হ’বলৈ ধৰিছিল৷ এইজন শাখা প্ৰৱন্ধকৰ দিনতেই দালালৰাজৰ বাবেই প্ৰকৃত কৃষকেও কৃষি ঋণৰ পৰা বঞ্চিত হৈছিল বুলিও অভিযোগ আছে৷

উল্লেখ্য যে, চেঙা মুছলমান গাঁওৰ চেনী আলীৰ ভুৱা প্ৰমান-পত্ৰৰে ২০১০ চনৰ ২১ জুলাই তাৰিখত সেই সময়ৰ চেঙা গ্ৰামীণ বিকাশ বেংকৰ এই গৰাকী শাখা প্ৰৱন্ধক অবিনেশ্বৰ কলিতাই লোন একাউন্ট নম্বৰ ৭১০৪২৫০০০০৯৩২ত ২৯.৫০০ টকাৰ কৃষি ঋণ মঞ্জুৰ কৰিছিল।পৰৱৰ্তী সময়ত ২০১৭ চনৰ ২৭ জুন তাৰিখে স্থানীয় তাৰাবাৰী আৰক্ষীৰ ওচৰত চেঙা মুছলমান গাঁওৰে ইলিয়াচ আলীয়ে নাম জালিয়াতি কৰি কৃষি ঋণ লোৱা বুলি এজাহাৰ দাখিল কৰিছিল চেণী আলীয়ে৷

ঘটনা সন্দৰ্ভত তদন্ত কৰি জালিয়তিৰ অভিযোগত ১৯২/১৭ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪৬৮/৪৭১/৩৪১/৩২৫/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰত চেঙা মুছলমান গাঁওৰ গাঁওবুঢ়া মাইনুল হক আৰু পূৱ চেঙা সমবায় সমিতিৰ সচিব আব্দুল ওহাবক তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত মঙ্গলবাৰে বহু বিতৰ্কিত এইজন শাখা প্ৰৱন্ধকক গ্ৰেপ্তাৰ কৰে৷

বেংক প্ৰতিষ্ঠানটোত কৃষি ঋণ সন্দৰ্ভত এক বৃহৎ দূৰ্নীতিৰ ছবি স্পষ্ট ৰূপত ধৰা পৰাত আৰু কেইবাজনো লোক ৰঙা ঘৰৰ আলহী হোৱাটো নিশ্চিত হৈ পৰিছে৷ ইফালে কৃষি ঋণটোৰ মূল অভিযুক্ত ইলিয়াচ আলী আজিও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজে উচিত তদন্তৰে বিষয়টোৰ সৈতে জড়িত সকলোকে শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close