বিনোদন

গান গোৱা মাছ

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি মাছ দেখিছে, খাইছেও হয়তো! মাছে কি কি কৰিব পাৰে আপুনি সেইবিষয়ে জ্ঞাত। কিন্তু শেহতীয়াভাৱে বিশ্বত এনে এবিধ মাছ ওলাইছে যি গান গাব পাৰে। তাকো এটা দুটা নহয়, এই মাছবিধে গাইছে ১৮৪ টাকৈ গীত।

অবিশ্বাস্য হ’লেও এই ঘটনা সঁচা। বৈজ্ঞানিকৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে। এই বিশেষ মাছবিধ হৈছে আৰ্কটিক সাগৰত পোৱা বোহেড হোৱেল। ২০১০ৰ পৰা ২০১৪ চনলৈ গ্ৰীণলেণ্ডত হোৱা এক বিশেষ সমীক্ষাত ৩০০ হোৱেলৰ ওপৰত গৱেষণা কৰি মাইক্ৰ’ফোনৰ সহায়ত সিহতৰ গান শুনা গৈছিল। সেই সময়ত উক্ত গানবোৰ ৰেকৰ্ড কৰা হৈছিল। ভিন্ন সুৰৰ প্ৰায় ১৮৪ টা গান পোৱা গৈছিল। য়ুনিভাৰছিটি অফ ৱাশ্বিংটনৰ সমুদ্ৰ বিজ্ঞানী কেট স্টেফৰ্ডৰ মতে, বোহেড হোৱেল দেখা যায় ঠাণ্ডাৰ দিনত আৰু এই মাছবিধ ২৪ ঘণ্টা থাকে সাগৰীয় অন্ধকাৰময় গভীৰতাত। গানবোৰ প্ৰায় প্ৰতিবছৰে সলনি হয়।

উল্লেখ্য, বোহেড হোৱেলে গীত গায় নৰ প্ৰজননৰ সময়ত। এই মাছ থাকে গভীৰ পানীত আৰু ইহঁতৰ মস্তিস্ক দেখাত ধনু আকৃতিৰ হয়।

Related Articles

Leave a Reply

Close