অসমখেল

গুৱাহাটীত আন্ত: মাণ্ডলিক কাবাদী প্ৰতিযোগিতা

প্ৰথম খবৰ, ৰঙিয়া: কেন্দ্ৰীয় বিদ্যালয়, সংগঠনৰ উদ্যোগত গুৱাহাটী আন্তঃ মাণ্ডলিক কাবাদী প্ৰতিযোগিতা এইবেলি অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত গুৱাহাটী বৰঝাৰৰ এয়াৰফৰ্চ কেন্দ্ৰীয় বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব।

১৬ আৰু ১৮ বছৰ অনুৰ্ধৰ ল’ৰা ছোৱালীৰ কাবাদী প্ৰতিযোগিতাখনী পৰিচালনাৰ বাবে অসম কাবাদী সন্থাই ৰবিবাৰে ৰেফাৰীৰ নাম ঘোষণা কৰে।

প্ৰতিযোগিতাৰ বাবে মনোনীত ৰেফাৰী সকল হ’ল ক্ৰমে, লক্ষী বড়ো, নুৰুল আমিন, নোমল ৰাভা, পৰেশ দাস, এ.এফ.এছ আলী, নাগেশ্বৰ স্বৰ্গীয়াৰী, ভাৰত ৰাভা, আৰফান আলী, ফখৰুল ইছলাম, দিপাঞ্জলী দাস, পবিত্ৰী তালুকদাৰ, গফুৰ আলী, অৰুপ দাস, মজিবৰ আলী, অজিত বসুমতাৰী, পহৰেদ আলী আহমেদ, ৰবিতা ৰাভা আৰু দিলীপ দাস। ৰেফাৰী তত্বাৱধায়ক হিচাপে মনোনীত হৈছে ৰেফাৰী বৰ্ডৰ সম্পাদক বীৰেন কলিতা আৰু সন্থাৰ সাধাৰণ সম্পাদক আবেদুৰ ৰহমান। ৰেফাৰী সকলক অহা ২৭ এপ্ৰিলৰ পুৱা ৮ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত এয়াৰফৰ্চৰ কেন্দ্ৰীয় বিদ্যালয়ৰ খেল পথাৰত উপস্থিত হ’বলৈ অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক আবেদুৰ ৰহমানে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close