অসমতেজপুৰশীৰ্ষ

আৰক্ষীৰ জালত শোণিতপুৰৰ ডি টি অ প্ৰসেজিৎ ঘোষ

প্ৰথম খবৰ, তেজপুৰ: কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ চি বি আই সন্মুখিন হোৱা বিতৰ্কিত জিলা পৰিবহন বিষয়া প্ৰসেনজিৎ ঘোষে সোমবাৰে শোনিতপুৰ জিলা পৰিবহন বিষয়া হিচাপে যোগদান কৰাৰ পিছত আজি আৰক্ষীয়ে নৱনিযুক্ত জিলা পৰিবহন বিষয়া প্ৰসেনজিৎ ঘোষক আজি বিয়লি ১.৩৫ বজাত জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

জিলা পৰিবহন বিষয়া গৰাকীৰ সাক্ষৰ সংগ্ৰহ কৰি ফৰেনষ্টিক পৰিক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।ফৰেনষ্টিক প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰাৰ পিছতে আজি শোণিতপুৰ জিলা উপাযুক্ত কাৰ্য্যালয়ত এখন সভাত ব্যস্ত থকাৰ অৱস্থাতে ডিব্ৰগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈ ডিব্ৰগড়লৈ লৈ যায় দোষী বিষয়াগৰাকীক।

Related Articles

Leave a Reply

Close