অসম

গৰীবৰ বন্ধু হিচাপে পৰিচিত ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰছিদুল হকৰ পৰলোকত শোকস্তব্ধ

ৰূপহীহাটৰপৰা এম আবু হানিফা, প্ৰথম খবৰ: ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰছিদুল হকৰ বৃহস্পতিবাৰে বিয়লি ৫.১০ মিনিটত পৰলোক ঘটাৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে ৰূপহীহাট অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ জি ডি নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯০ বছৰ৷

উল্লেখ্য যে, ৰশিদুল হক ১৯৮৫ চনত ইউ এম এফ দলৰ পৰা প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেতিয়াৰ পৰাই সমষ্টিখনৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে এক দৃঢ় সম্পৰ্ক স্থাপন কৰি সমষ্টিখনৰ শিক্ষা, স্বাস্থ্য, যাতায়ত আদি সকলোতে সকলোকে সুবিধা কৰি দিয়াৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈ প্ৰয়াত হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ পশুপালন আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

উল্লেখ্য যে, তিনিবাৰকৈ ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰছিদুল হক “গৰীবৰ বন্ধু” হিচাপে সমষ্টিখনত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। নিজ সমষ্টি ৰূপহীহাটৰ একমাত্ৰ শিক্ষানুষ্ঠান ৰূপহী মহাবিদ্যালয় প্ৰতিষ্টাত বিশেষ গুৰুত্ব আৰোপ কৰি পিছপৰা সমষ্টিখনত শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠাত ভূমিকা লৈছিল। আজি তেওঁৰ মৃত্যুত ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভুৱনানন্দ পাটনায়ক, বিধায়ক নুৰুল হুদা, বিজেপি নেতা তথা সমাজকৰ্মী নাজিৰ হুছেইন, বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়া, বিজেপি নেতা জাকাৰিয়া হক চোধুৰী, কংগ্ৰেছৰ নেতা ৰফিকুল ইছলাম মড়ল, সংখ্যালঘু সংগ্ৰাম সমিতিৰ আবু বক্কৰ ছিদ্দিক আদিৰ উপৰিও বিভিন্ন ব্যক্তি সংগঠনে শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close