অসম

চতিয়াৰ ৰাওনা পথাৰত নিবনুৱা যুৱকৰ সেউজীয়া সপোন

চতিয়াৰপৰা সৌৰভ হাজৰিকা, প্ৰথম খবৰ: এসময়ত বিভিন্ন প্ৰজাতিৰ ধানেৰে নদন-বদন নিজা ধাননি পথাৰৰ মোহ এৰি কৰ্মসংস্থাপনৰ আশাৰে যুবকচামে
বহিঃৰাজ্যলৈ গমনৰ প্ৰৱণতা বৃদ্ধিৰ ফলত গাঁৱৰ পথাৰত থলুৱা যুৱকৰ দল দিনক দিনে হ্ৰাস পাই আহিছে। ফলত পথাৰ সমূহ ছন পৰি ৰৈছে।

আহিন-কাতি মাহৰ সেউজীয়া আৰু আঘোণ-পুহ মাহৰ সোণালী ধানৰ পথাৰবোৰৰ নয়নভৰা দৃশ্যৰ যেন ম্লান পৰিছে। উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ বাবেই কৃষি ক্ষেত্ৰৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহা সৃষ্টিৰ মূল কাৰণ হিচাবে চিহ্নিত কৰিব পাৰি। কৃষি পথাৰত জলসিঞ্চনৰ অভাৱে কৃষিৰ উৎপাদনশীলতা অতি নিম্নগামী কৰিছে। বিষয়া-ঠিকাদাৰৰ জেলেপ গধুৰ হোৱাৰ বাহিৰে নামত জলসিঞ্চন প্ৰকল্প নিৰ্মাণে কৃষক সকলক উৎসাহিত কৰিব পৰা নাই। ৰাজ্যখনৰ কৃষি খণ্ডত এনে ধৰণৰ প্ৰতিচ্ছবিয়ে ধৰা দিয়াৰ সময়তে চতিয়াৰ ৰাওনা পথাৰত চৰকাৰী জলসিঞ্চন আঁচনিৰ সুবিধালৈ বহু সংখ্যক থলুৱা নিবনুৱা যুৱকে আশাৰ কঠিয়া ৰোপন কৰি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

চতিয়াৰ বৰভেটি, ১নং নলবাৰী, গেৰেকী, খেৰিয়াবস্তী, প্ৰতাপগড় আদি অঞ্চলৰ কৃষকৰ কৃষিভূমি থকা ৰাওনা পথাৰ চতিয়াৰ ভিতৰতে এখনি বিশাল পথাৰ। প্ৰায় ২ হাজাৰ বিঘা কৃষি ভূমিৰে পৰিবেষ্টিত পথাৰ খনত বাৰিষা বানপানীয়ে শালি খেতি কৰাত আহুকালৰ সৃষ্টি কৰি আহিছে। খৰালি প্ৰচণ্ড খৰাঙৰ বাবে শস্য উৎপাদন নহয়। কিন্তু বৰ্তমান এই পথাৰ খন সোনগুটিৰ ভড়াললৈ ৰূপান্তৰিত হৈছে। পথাৰখনৰ দাঁতি কাষৰীয়া ৰাইজৰ দাবীক সহাৰি জনাই জলসিঞ্চন বিভাগৰ বিশ্বনাথ সংমণ্ডলে পথাৰখনক সামৰি ঘিলাধাৰী উত্তোলিত জলসিঞ্চন আঁচনি(১১)নামৰ এখনি আঁচনি ৰূপায়ণ কৰে।

ৰাজ্যখনৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তৰ তৎপৰতাত যোৱা বৰ্ষৰ ১৪ মাৰ্চত আঁচনিখনে পানী যোগান আৰম্ভ কৰে। বৰ্তমান প্ৰায় এশ গৰাকী নিবনুৱা যুৱকে প্ৰায় চাৰিশ বিঘা মাটিত ১৫ নং ধানৰ খেতিৰে সেউজ বিপ্লৱ সূচনা কৰিছে। বানে গৰকা পলসুৱা মাটিত লহপহকৈ বাঢ়ি অহা ধানবোৰে নিবনুৱা যুৱকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। আঁচনিখনৰ শক্তি বৃদ্ধি কৰিলে অনাগত বৰ্ষত আৰু বহু কৃষকে ১৫নং ধানৰ খেতি কৰাৰ আশা ম’নতে পুহি ৰাখিছে।

Related Articles

Leave a Reply

Close