শেহতীয়া
Home / অসম / চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ত বিহু উদযাপন

চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ত বিহু উদযাপন

 

প্ৰথম খবৰ , লাহোৱাল :

চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়।

এই উপলক্ষে ছাত্ৰ- ছাত্ৰী সকলৰ মাজত একক বিহু নৃত্য, হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিজয়ীক পুৰস্কাৰৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।বিহুৰ লগতে সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক বিচিত্ৰানুষ্ঠানত মুকলি বিহু , নেপালী নৃত্য, ঝুমুৰ, গাভৰু বিহু আদি প্ৰদশৰ্ন কৰা হয়।

আৰম্ভণিতে বিদ্যালয়ৰ প্ৰাচীৰ প্ৰ্ত্ৰিকা “উদয়”ৰ নৱম সংখ্যাটি উন্মোচন কৰে শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভবানী গোহাঁ‌ইয়ে। বিহুৰ পৰম্পৰা ৰক্ষা কৰি সামৰণিত ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক কৰা গুৰুসেৱাই উপস্থিত অভিভাৱক সকলৰ চকু সেমেকাই তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*