শেহতীয়া
Home / অসম / চিচিবৰগাঁৱত অচিনাকী দুৰ্বৃত্তই মহিলাক প্ৰাণে মৰাৰ চেষ্টা, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সংকটজনক অৱস্থাত ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

চিচিবৰগাঁৱত অচিনাকী দুৰ্বৃত্তই মহিলাক প্ৰাণে মৰাৰ চেষ্টা, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সংকটজনক অৱস্থাত ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

 

প্ৰথম খবৰ, চিচিবৰগাঁও, ২৩ এপ্ৰিলঃ

ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিচিবৰগাঁও কৈৱত্ত গাঁৱত যোৱা নিশা অকলশৰীয়াকৈ বসবাস কৰা মহিলাৰ ঘৰত অচিনাকি কোনো লোকে প্ৰৱেশ কৰি নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হৈছে । উল্লেখযোগ্য যে চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে । বলাৎকাৰীৰ বিৰুদ্ধে ফাঁচীৰ দৰে কঠোৰ শাস্তিৰ বিধান কৰিছে কিন্তু দিনকদিনে বৃদ্ধি পাই আহিছে মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা। কালি নিশা চিচিবৰগাঁওত সংঘটিত তেনে এক ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চলটো । চাৰিআলিৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত অকলশৰে বসবাস কৰে হীৰা দাস নামৰ মহিলাগৰাকীয়ে । কিছুবছৰৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱাত নিজৰ পুত্ৰ আৰু কন্যাৰ সৈতে বসবাস কৰে প্ৰায় পঞ্চাশ বছৰীয়া মহিলাগৰাকী । মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰই গুৱাহাটীত শিক্ষা গ্ৰহণ কৰি থকাৰ বিপৰীতে কিছুদিনৰ পূৰ্বে একমাত্ৰ কণ্যাগৰাকীও ৰাজস্থানৰ এজন যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হৈ ৰাজস্থানলৈ গুচি যোৱাত কিছুদিনৰ পৰা ঘৰটোত অকলে বাস কৰিছিল হীৰা দাস নামৰ মহিলাগৰাকীয়ে । কালি নিশা প্ৰায় ১০.৩০ বজাত কোনো দুৰ্বৃত্তই তৰ্জাৰ বেৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি নিজৰ বিচনাত শুই থকা অৱস্থাতে শিলেৰে মোৰ আৰু হাতত বেয়াকৈ আঘাত কৰি মুমূৰ্ষু অৱস্থা কৰি পলাই যায় । ঘটনাৰ কথা গম পাই চুবুৰীয়া লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে মহিলাগৰাকীৰ । স্থানীয় লোকে সন্দেহ কৰা অনুসৰি দুৰ্বৃত্তই ভিতৰত প্ৰৱেশ কৰি মহিলাগৰাকীক বলাত্কাৰৰ চেষ্টা কৰি বিফল হোৱাত এইদৰে শিলেৰে মৰিয়াই সংকতজনক অৱস্থাত মৰিল বুলি এৰি থৈ যায়। সম্প্ৰতি চিলাপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তক অনতিপলমে কৰায়ুক্ত কৰা বাবে আৰক্ষীক বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অঞ্চলটোৰ বিভিন্ন দল- সংগঠনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*