অসমবৰপেটা

চেঙাত এন আৰ চি কেন্দ্ৰ পুনৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এন আৰ চি সহায়ক কেন্দ্ৰবোৰ মঙ্গলবাৰে পুনৰ পৰিদৰ্শন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।

বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খন খচৰা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী খচৰা প্ৰকাশৰ প্ৰস্তুতি তুংগত উঠিছে‌। এন আৰ চিৰ বংশবৃক্ষ পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ত কালিৰ পৰা পঞ্চায়তৰ প্ৰমাণ পত্ৰৰ পুনৰীক্ষণ কাম আৰম্ভ হোৱাত বৰপেটা জিলা প্ৰশাসন অধিক তৎপৰ হোৱা দেখা গৈছে। বৰপেটা জিলাত এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম ১০৮ টা কেন্দ্ৰত চলিছে বুলি জানিব পৰা গৈছে।

আনহাতে এন আৰ চিত যিসকলৰ নাম দ্বিতীয় খচৰাত প্ৰকাশ নাপায় তেওঁলোক শংকিত নহৈ পুনৰ আবেদন জনাব পাৰিব৷ এন আৰ চিৰ ক্ষেত্ৰত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সক্ৰিয়তাই কৰ্মী সকলকো অধিক উৎসাহী কৰি তুলিছে। বৰ্তমানলৈ শান্তিপূৰ্ণভাৱে এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ কাম চলি আছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close