শেহতীয়া
Home / অসম / চেঙাৰ বালাৰট্টাৰীত যুৱ ব্যৱসায়ীৰ আত্মহনন

চেঙাৰ বালাৰট্টাৰীত যুৱ ব্যৱসায়ীৰ আত্মহনন

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাৰট্টাৰী গাঁওত বৃহস্পতিবাৰে এক আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বালাৰট্টাৰী গাঁওৰ মমৰেজ খানৰ পুত্ৰ চফিকুল খানে(২৪) যোৱা নিশা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে। বৃহস্পতিবাৰে পুৱা চফিকুল খানৰ মাতৃয়ে দোকানৰ ভিতৰত চিপ লৈ থকা অৱস্থাত নিজ পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ অবিবাহিত চফিকুল খানৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী আৰু দণ্ডাধীশ তথা চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস উপস্থিত হৈ ঘটনাৰ বুজ লয়। চফিকুল খানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*