অসমশীৰ্ষ

চেঙা গ্ৰামীণ বিকাশ বেংকত বৃহৎ দুৰ্নীতি ভুৱা প্ৰমাণ পত্ৰৰে ল’লে কৃষি লোন জালিয়াতিৰ অভিযোগত গাঁওবুঢ়া-সমবায় সচিব জে’ললৈ মুকলি আকাশৰ তলত মূল অভিযুক্ত ইলিয়াছ আলী 

 

প্ৰথম খবৰ , চেঙা ,21এপ্ৰিলঃ
অসমৰ গ্ৰাম্য অৰ্থনীতিত বিভিন্ন আঁচনিৰ জৰিয়তে নিবনুৱা তথা কৃষক সকলক ঋণ প্ৰদান কৰি অসম গ্ৰামীণ বিকাশ বেংক কৰ্তৃপক্ষই এক বিশেষ অৱদান আগবঢ়াই থকাৰ সময়তে এক বৃহৎ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে চেঙা গ্ৰামীণ বিকাশ বেংকৰ৷

বিভিন্ন উৎসৰ পৰা প্ৰাপ্ত তথ্য মতে চেঙা মুছলমান গাঁওৰ চেনী আলীৰ যোৱা 2010 চনৰ 5 মাৰ্চ তাৰিখৰ আবেদনৰ ভিত্তিত যোৱা 2010 চনৰ 21 জুলাই তাৰিখে সেই সময়ৰ চেঙা গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰৱন্ধক অবিনেশ্বৰ কলিতাই লোন একাউন্ট নম্বৰ 7104250000932ত 29,500টকাৰ কৃষি ঋণ প্ৰদান কৰে৷

এইগৰাকী শাখা প্ৰবন্ধক বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে যদিও চেঙা শাখাত কৰ্মৰত অৱস্থাত ভয়ংকৰ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।পৰৱৰ্তী সময়ত বেংক কৰ্তৃপক্ষই যোৱা 2017 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে ঋণটোৰ সুত আৰু মূলৰ বাবদ মুঠ 41,788টকাৰ জাননী চেনী আলীৰ নামত প্ৰেৰণ কৰাৰ পাছতে প্ৰমাণ-পত্ৰ জালিয়তিৰ তথ্য পোহৰলৈ আহে৷

আবেদনকাৰী চেনী আলীয়ে ঋণ সন্দৰ্ভত নিজৰ অজ্ঞতাৰ কথা বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত যোৱা 2017 চনৰ 27 জুন তাৰিখে স্থানীয় তাৰাবাৰী আৰক্ষীৰ ওচৰত চেঙা মুছলমান গাঁওৰে ইলিয়াচ আলীয়ে নাম জালিয়াতি কৰা বুলি এজাহাৰ দাখিল কৰিছিল৷

ঘটনা সন্দৰ্ভত দুদিন মান আগতে চেঙা বেংকত বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ নেতৃত্বত স্থানীয় আৰক্ষী বিষয়াসহ এটি প্ৰশাসনীয় দলে নথি-পত্ৰ সমূহ পৰীক্ষা কৰি নকল কপি সংগ্ৰহ কৰি লৈ যোৱাৰ পাছতে প্ৰমাণ-পত্ৰ জালিয়তিৰ অভিযোগত 192/17 নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ 420/468/471/341/325/34 ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰত চেঙা মুছলমান গাঁওৰ গাঁওবুঢ়া মাইনুল হক আৰু পূৱ চেঙা সমবায় সমিতিৰ সচিব আব্দুল ওহাবক তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বৰপেটা আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে। দুয়োগৰাকীকে ইতিমধ্যে জেল’লৈ প্ৰেৰণ কৰিছে৷উল্লেখনীয় কথা এই যে এজাহাৰকাৰী চেনী আলীয়ে তেওঁৰ নাম জালিয়াতি কৰা বুলি অভিযোগ কৰা ইলিয়াচ আলীয়ে যোৱা 2017 চনৰ 15 মাৰ্চ তাৰিখে চেনী আলীৰ ঋণ একাউন্টত ঋণৰ কিস্তি হিচাবে 35,520টকা জমা কৰা বুলি জানিব পৰা গৈছে৷স্থানীয় লোকৰ অভিযোগ মতে সহজ সৰল গাঁওবুঢ়া জনক বিস্বাসঘাটকতা কৰা মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলতে আছে৷ৰাইজৰ অভিমত এই ঋণটোৰ লগত জড়িত মাটি থকাৰ প্ৰমাণ-পত্ৰতো জালিয়াতিৰ গোন্ধ আছে৷দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে এই গোটেই পক্ৰিয়াটোৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷উল্লেখ্য যে সেই সময়চোৱাত বেংকৰ এই শাখা কেন্দ্ৰটোত ঋণৰ বাবদ মুকলি বজাৰ চলিছিল বুলি বহু পুৰণি অভিযোগ আছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close