অসমবৰপেটা

চেন্নাইত সন্ধানহীন দৌলাশালৰ যুৱক

প্ৰথম খবৰ, চেঙা: নিৱনুৱাৰে ভৰি থকা অসমৰ যুৱকে বিভিন্ন সময়ত বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ সন্ধানহীন হোৱা ঘটনা নতুন নহয়। এইবাৰ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দৌলাশাল গাঁওৰ প্ৰয়াত নিত্যানন্দ বৈশ্যৰ পুত্ৰ অখিল বৈশ্য(৩০)ই যোৱা ২৩ মাৰ্চত কৰ্ণাটকৰ এটি কোম্পানীত কাম কৰাৰ উদ্দেশ্যে দৌলাশালৰ আন এজন যুৱক অনন্ত মেধিৰ সৈতে কৰ্ণাটকলৈ ৰাওনা হৈছিল।

ৰঙিয়া ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰা অখিল বৈশ্য ২৬ মাৰ্চত চেন্নাইৰ চেন্ট্ৰেল ষ্টেচনত সন্ধানহীন হোৱা বুলি অনন্ত মেধিয়ে অখিল বৈশ্যৰ পৰিয়ালক জানিবলৈ দিয়ে। দীৰ্ঘদেহী ক’লা বৰণৰ সন্ধানহীন কৰ্মঠ যুৱকজনৰ বৰ্তমানলৈ কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকে দৌলাশাল আৰক্ষী চকী আৰু ৰঙিয়া ৰে’ল আৰক্ষীক অখিল বৈশ্যৰ সন্ধানহীন সম্পৰ্কত অৱগত কৰিছে বুলি জানিব পৰা গৈছে।কোনো সদাশয় লোকে নিৰুদ্দিষ্ট অখিল বৈশ্যৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯১০১৭৬২৮২১ আৰু ৮৭২৪৯৫৬১২৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close