অসমযোৰহাটশীৰ্ষ

ছুপাৰ ডাঞ্চাৰ ছিজন ২ৰ বিশাল শৰ্মাক প্ৰতাৰণা অসমৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ

প্ৰথম খবৰ, খুমটাই: ছোনী টিভিৰ ছুপাৰ ডাঞ্চাৰৰ খিতাপ অৰ্জন কৰা যোৰহাটৰ বিশাল শৰ্মা কথা হয়টো অসমবাসীৰ মনত আছে। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা কিদৰে অসমৰ পৰা গৈ ছোনী টিভিৰ ৰিয়েলিটী শ্বো’ত অংশ গ্ৰহণ কৰিছিল অসমবাসী ৰাইজে হয়টো ভালদৰে জানে। ছুপাৰ ডাঞ্চাৰ ছিজন ২ ত অসমবাসীৰ বহু মৰম চেনেহ পোৱাৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

জয়লাভৰ পিছতো আৰ্থিক দাৰিদ্ৰতা বাবে বিশাল শৰ্মাৰ পিতৃয়ে ঘৰৰ প্ৰয়োজন সামগ্ৰী সকলো বিক্ৰী কৰিবলগা বাতৰি সংবাদ মাধ্যমযোগে সম্প্ৰচাৰ হোৱাৰ পাছত যোৰহাটত এটা ব্যক্তিগত টিভি চেনেলে আয়োজন কৰা বিহু আদৰণি প্ৰগ্ৰেমত অসমৰ দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে বিশালক আৰ্থিকভাৱে সহায় কৰিম বুলি কোৱাৰ পাছতো আজি পৰ্য্যন্ত বিশালে সেই সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম নহ’ল। যোৱা নিশা খুমটাইৰ বৰুৱা তামুলীপথাৰ সাংস্কৃতিক সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলনত এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ বিশাল শৰ্মাই এই কথা সাংবাদিক জানিবলৈ দিয়ে।

এই অনুষ্ঠানতেই বিহু উদযাপন সমিতি আৰু বৰুৱা তামুলীপথাৰ অৰুণোদয় সাংস্কৃতিক সমাজৰ তৰফৰ পৰা চুপাৰ ডেঞ্চাৰ বিশাল শৰ্মাক এখন বিহু, সম্বৰ্ধনা পত্ৰ লগতে অৰ্থৰে সম্বৰ্ধনা আগবঢ়াই।

বৰুৱা গাঁও বিহু বাকৰিত বিশাল শৰ্মাক গায়ক সকলে প্ৰতাৰণা কৰা কথা ৰাজহুৱা হৈ যোৱাৰ পাছত বিহু সন্মিলনত উপস্থিত হাজাৰ হাজাৰ দৰ্শকৰ মাজত এক কৌতুহল পৰিবেশ সৃষ্টি হয় আৰু তাৰ মাজতেই বিহু বাকৰিত উপস্থিত থকা বহু দৰ্শকে বিশালৰ হাতত ৰাজহুৱা ভাৱে মুক্তমনে হাজাৰ হাজাৰ টকা আগবঢ়াই। এই বিহু মঞ্চতেই মাতৃৰ লগত বিহু সন্মিলন উপভোগ কৰিবলৈ অহা এগৰাকী কণমানি শিশুৱে বিশালৰ আৰ্থিক দৰিদ্ৰতা কথা জানি মঞ্চলৈ আগুৱাই গৈ ৫০০ টকা প্ৰদান কৰা দৃশ্যই বিহু স্থলীত উপস্থিত দৰ্শক সকলৰ হৃদয় স্পৰ্শ কৰিলে।

ডাঞ্চাৰ গৰাকীয়ে তাৰ পাছত দৰ্শকৰ বিপুল দাবীত হিন্দী আৰু বিহু নৃত্যৰে উপস্থিত থকা ৰাইজক আমোদ দিয়ে। প্ৰায় এঘণ্টা সময় ৰাইজৰ লগত কটাই শিল্পীগৰাকীয়ে অনুষ্ঠান সামৰণি কৰে। এটা ব্যক্তিগত টিভি চেনেলৰ বিহু আদৰণি অনুষ্ঠানত উপস্থিত লাখ লাখ দৰ্শকৰ আগত প্ৰতিশ্ৰুতি দিয়া সেই নামী দামী কন্ঠশিল্পী সকলে শিশু শিল্পী বিশাল শৰ্মাক প্ৰকৃততে সহায় কৰিবনে বুলি বৰ্তমান প্ৰশ্ন উত্থাপন কৰিছে একাংশই!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close