শেহতীয়া
Home / অসম / জাগুনত বনৰীয়া হাতীৰ তাণ্ডৱ গৃহহাৰা বহু পৰিয়াল

জাগুনত বনৰীয়া হাতীৰ তাণ্ডৱ গৃহহাৰা বহু পৰিয়াল

 

প্ৰথম খবৰ, জাগুন :

তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱত নিশা অহা এজাক বনৰীয়া হাতীৰ তাণ্ডৱত
ত্ৰাহিমধুসূদন সুঁৱৰিব লগা হৈছে গাওঁবাসীয়ে | কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়ালৰ ৷ ঘৰ ভাঙি তহিলং কৰাৰ লগতে ঘৰৰ সা-সামগ্ৰী আৰু বয়-বস্তু নষ্ট কৰিলে নিশা অহা হাতীৰ জাকটোৱে | ইতিমধ্য, গাওঁবাসীয়ে ঘৰ-বাৰী এৰি পলায়ন কৰিব লগা হৈছে নিৰাপদ স্থানলৈ | পিছে জাগুন-লেখাপানী বন বিভাগৰ তিলমানো খবৰ ল’বলৈ আহৰি নাই | বন বিভাগে হাতীৰ জাকটোক খেদি পঠোৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰখনে ভ্ৰূক্ষেপ নকৰা বুলি অভিযোগ উত্থাপন কৰে জাগুনৰ স্থানীয় ৰাইজে ৷ হাতী জাকৰ উপদ্ৰৱৰ ফলত নিতৌ বিনিদ্ৰাৰজনীৰে দিন অতিবাহিত কৰিব লগা হৈছে জাগুনবাসী ৰাইজে | জোৱা কালিও নিশা জাগুন বনবিভাগ কাৰ্যালয়ৰ লোক আধবাটতে ঘূৰি জোৱাৰ কথা উল্লেখ কৰিছে স্থানীয় ৰাইজে | কৰণীয় বুলিবলৈ একোৱেই যেন নাই চৰকাৰ খনৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বনৰীয়া হাতীৰ তাণ্ডৱে আতংকিত কৰি ৰাখিছে তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাৱঁত ৷ শনিবাৰে নিশা হাতীৰ জাকটোৱে দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহহাৰাও কৰে । প্ৰৱল বৰষুণৰ প্ৰকোপত গৃহহাৰা সকলৰ বিৰদি বাট নোপোৱা অৱস্থা হৈছেগৈ |

Leave a Reply

Your email address will not be published. Required fields are marked *

*