অসম

জাজৰিত গৰুসহ দুটাকৈ গৰুচোৰ আটক, ৰাইজে হাতে লোটে ধৰি চমজালে আৰক্ষীক

প্ৰথম খবৰ
মানস জ্যোতি মহন্ত
বটদ্ৰৱা :

দীৰ্ঘদিনধৰি গৰুচুৰিৰে বৃহত্তৰ জাজৰি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা দুটাকৈ দুৰ্ধৰ্ষ গৰু চোৰক অৱশেষত হাতে-লোটে ধৰিলে জাজৰি আৰক্ষী থানাৰ অধীনৰ ৰাইডংগীয়া অঞ্চলৰ ৰাইজে। ধৃত চোৰ দুটা ক্ৰমে চাইদূল ইচলাম আৰু চাদিকূল ইছলাম। ঘৰ জাজৰিৰ বগৰি গুৰিপামত। জানিব পৰামতে, যোৱা নিশা দুজন অচিনাক্ত লোকে ৰাইডংগীয়াৰ মাহগুৰি ত এজনী গাই গৰু লৈ গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ স্থানীয় ৰাইজে। লগে লগে প্ৰত্যক্ষদৰ্শী ৰাইজৰ সন্দেহ হোৱাত দুয়োকে আটক কৰি সোধ পোছ কৰাৰ অন্তত ৰাইজে গৰুসহ দুয়োকে জাজৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, ধৃত চোৰকেইটাই বিগত কেইবা মাহ ধৰি জাজৰি থানাৰ অধীনৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বিঘ্নে গৰু চুৰি একপ্ৰকাৰ কৃষক ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। আনহাতে, কিছুদিন পূৰ্বে চকলাঘাট সোণাইপাৰতো ৰাইজে অভিযান চলাই নিশা কৰায়ক্ত কৰিবলৈ সক্ষম হৈছিল এটা গভাইত গৰুচোৰক। গৰুচোৰ ৰ বিৰুদ্ধে শেহতীয়াকৈ বৃহত্তৰ জাজৰি অঞ্চলৰ ৰাইজে প্ৰদৰ্শন কৰা তৎপৰতাক এতিয়া শলাগ লৈছে নগাঁৱৰ বিভিন্ন মহলে।

 

Related Articles

Leave a Reply

Close