বিনোদন

জিঅ’ৰ প্ৰাইম মেম্বাৰশ্বিপৰ ম্যাদ বৃদ্ধি

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান সময়ত আগশাৰীৰ টেলিকম কোম্পানীৰ ভিতৰত অন্যতম জিঅ’। শেহতীয়াকৈ, এই কোম্পানীটোৱে তেওঁলোকৰ গ্ৰাহকলৈ আগবঢ়াইছে এক বিশেষ অফাৰ। এই বিশেষ অফাৰ জিঅ’ প্ৰাইম মেম্বাৰশ্বিপৰ লগত জড়িত।

দৰাচলতে, জিঅ’এ বৰ্তমান তেওঁলোকৰ গ্ৰাহকলৈ আগবঢ়াইছে এবছৰৰ বাবে বিনামূলীয়া প্ৰাইম মেম্বাৰশ্বিপৰ সুবিধা। এই সুবিধা লাভ কৰিবলৈ প্ৰাইম মেম্বাৰশ্বিপ গ্ৰাহকে যাব লাগিব MY JIO এপলৈ। তাৰপিছত প্ৰাইম মেম্বাৰশ্বিপ বেনাৰ দেখাৰ লগে লগে তাত ক্লিক কৰিব। এতিয়া ‘জিঅ’ প্ৰাইম ইজ গেটিং বিগাৰ’ৰ এটা বাৰ্তা তাত দেখিবলৈ পাব। এইবাৰ প্ৰোচিডত ক্লিক কৰিব। লগে লগে দেখিবলৈ পাব সেৱা সক্ৰিয় হোৱাৰ বিশেষ জাননী। এনেদৰে জিঅ’ প্ৰাইম মেম্বাৰশ্বিপৰ সেৱা এবছৰলৈ বৃদ্ধি কৰিবপৰা যাব।

উল্লেখ্য, ইয়াৰ পূৰ্বে জিঅ’ৰ প্ৰাইম মেম্বাৰশ্বিপৰ বৈধতা আছিল ২০১৮ চনৰ ৩১ মাৰ্চলৈকে। বৰ্তমান এনেধৰণৰ অফাৰৰ বাবে জিঅ’ৰ গ্ৰাহক দিনে দিনে বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Close