অসমসভা-সমিতি

টাই আহোম মহিলা পৰিষদ অসমৰ বেঙেনাবাৰী আঞ্চলিক সমিতি গঠন

প্ৰথম খবৰ, সোণাৰি: টাই আহোম মহিলা পৰিষদ, অসমৰ বেঙেনাবাৰী আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যেৰে চুঙী গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে স্থানীয় জেষ্ঠ ব্যক্তি যোগেশ্বৰ গগৈয়ে।

বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সভাপতি পূৰ্ণ কোৱৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত টাইপা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ভাস্কৰ বৰুৱা, চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় ৰাজকোঁৱৰ, উপ-সভাপতি ক্ষীৰোদ লাহন উপস্থিত থাকি মহিলা সকলক উদেশ্যি বক্তব্য আগবঢ়াই। উক্ত সভাতে ৰিনা গগৈক সভানেত্ৰী, জোণটি গগৈ বড়াক কাৰ্যকৰী সভানেত্ৰী, চন্দ্ৰিকা লিকচন আৰু পদুমী গগৈক যুটীয়া সম্পাদিকা হিচাপে লৈ ৩১ জনীয়া টাই আহোম মহিলা পৰিষদ, অসমৰ বেঙেনাবাৰী আঞ্চলিক সমিতি খন পুনৰ গঠন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close