অসম

টিংখাঙত কিশোৰ সন্ধানহীন, অঞ্চলজুৰী তীব্ৰ চাঞ্চল্য

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনা। ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত ২৮ নং কাবুলা গাঁৱৰ লুইচ কাচুবাৰ পুত্ৰ পুবিত কাচুৱা ১৭ মাৰ্চৰ পৰা সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিবপৰা মতে, ১৭ মাৰ্চৰ দিনা গাঁওখনৰ প্ৰনৱ ধাদুমীয়াৰ পুত্ৰ পৱন ধাদুমীয়াৰ সৈতে পুবিত কাচুৱা গাঁৱৰ পৰা ওলাই গৈছিল। ২৫ মাৰ্চৰ সন্ধিয়া পুবিত কাচুৱাৰ সৈতে লগত যোৱা পৱন ধাদুমীয়া ঘৰলৈ ঘূৰি আহে। লগত যোৱা পুবিত ঘৰলৈ নহাত পৰিয়ালৰ লোকে পৱনক সোধা-পোছা কৰাত পুবিত জাগীৰোডত থকা বুলি কয়। পৰিয়ালৰ লোকে পৱনক লগত লৈ জাগীৰোডলৈ গৈ আৰক্ষীৰ সহযোগত কিশোৰটোৰ সন্ধান কৰে যদিও কোনো সন্ধান নাপালে।

পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত টিংখাং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে যদিও টিংখাং আৰক্ষীয়ে কিশোৰটোৰ বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই। আনহাতে কিশোৰটো সন্ধানহীন হৈ থকা ঘটনাত পৰিয়ালটোৰ সদস্যসকলে দুঃচিন্তাত সময় পাৰ কৰিব লগা হৈছে৷

Related Articles

Leave a Reply

Close