অসমশীৰ্ষ

ৰঙালীক আদৰিবলৈ প্ৰস্তুত টিংখাঙৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ লোক

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন৷ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে এতিয়া বিহুৰ আখৰা৷ ঢোলৰ গুমগুমনি, পেপাৰ তিহিতি তিহিতি মাতে ৰজনজনাইছে চৌদিশে৷ টিংখাঙতো হেঁপাহৰ বিহুটিক আদৰিবলৈ অব্যাহত আছে ব্যাপক  প্ৰস্তুতি৷

টিংখাঙৰ চহৰীকটা গাঁৱৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ যুৱক-যুৱতী সকল ব্যস্ত বিহুৰ আখৰাত। জনগোষ্ঠীটোৰ পৰম্পৰা জীয়াই ৰখাৰ স্বাৰ্থত গাঁওখনৰ যুৱক সকল এফালে হাইডাং হুঁচৰিৰ আখৰাত ব্যস্ত আনফালে যুৱতী সকল ব্যস্ত লেছেৰি নৃত্যৰ আখৰাত। তাৰ মাজতে কণ-কণ কিশোৰী কেইগৰাকীমানে চলাইছে জেংবিহুৰ প্ৰস্তুতি। মুঠৰ ওপৰত চহৰিকটা গাঁৱত এতিয়া বাপতি-সাহোন ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close