অসমনলবাৰী

টিহুত চুৰি ডকাইতি কাণ্ডত উদ্বেগ বিধায়ক পবিন্দ্ৰ ডেকাৰ, নিৰাপত্তা সুনিশ্চিত কৰাৰ কঠোৰ নিৰ্দেশ আৰক্ষী প্ৰশাসনক

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহু অঞ্চলত দীৰ্ঘদিন ধৰি অচিনাক্ত দুৰ্বৃত্তই চলাই অহা চুৰি, ডকাইত আদি কাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই। বিধায়ক ডেকাই শনিবাৰে টিহুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈ টিহু অঞ্চলৰ নিৰাপত্তা দিশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।

বিধায়ক ডেকাই আৰক্ষী প্ৰশাসনক নাগৰিকৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ কঠোৰ নিৰ্দেশ দিয়ে। মিত্ৰ জোঁটৰ বিধায়ক গৰাকীয়ে নলবাৰী জিলাৰ উপায়ুক্তৰ সৈতেও বিষয়টো সন্দৰ্ভত টেলিফোনযোগে বাৰ্তালাপ কৰি এইক্ষেত্ৰত জিলা প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলা উপায়ুক্তই টিহুত প্ৰয়োজনীয় নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হ’ব বুলি বিধায়কক অৱগত কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে, টিহু অঞ্চলত দীৰ্ঘদিন ধৰি অচিনাক্ত দুৰ্বৃত্তই বাইক চুৰি, ধন লুট, ব্যৱসায় প্ৰতিষ্ঠান, ঘৰ দুৱাৰ আদিত লুটপাত আদি অসমাজিত কাৰ্যকলাপ চলাই অহাত অঞ্চলটোৰ নাগৰিক সকলে চৰম আতংকত ভুগিছে। ইয়াৰ পূৰ্বে স্থানীয় বিধায়ক ডেকাই টিহু অঞ্চলৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত বিধায়ক পুঁজিৰ অধীনত চেক্ বিতৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close