অসমনলবাৰী

টিহুত দিন ডকাইতৰ ঘটনা নিৰাপত্তাহীনতাত টিহুবাসী

পংকজ বেজবৰুৱা টিহু প্ৰথম খবৰ ১৩ এপ্ৰিল: টিহুত পিষ্টল দেখুৱাই মটৰ চাইকেল আৰু ধন লুট কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি টিহু নগৰত পুনৰ দুটাকৈ ধন লুটৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে, টিহুৰ ওচৰৰ ভালুকী গাঁও নিৱাসী অসম আৰক্ষীৰ বেটেলিয়নৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ পুলিন চন্দ্ৰ শৰ্মাই আজি দুপৰীয়া বিহুৰ বজাৰ কৰিবৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ টিহু শাখাৰ পৰা বিছ হাজাৰ টকা উলিয়াই টকাখিনি পাচলি ভৰ্তি মোনা এখনত লৈ গৈ থকা অৱস্থাত টিহু ৰেল ষ্টেচন ৰোডত অচিনাক্ত দুৰ্বৃত্তই শৰ্মাৰ টকা আৰু পাচলি সহ মোনাখন কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা উধাও হয়। শৰ্মাই ঘটনা সম্পৰ্কে টিহু আৰক্ষীক অৱগত কৰিছে। আনহাতে,আজি দুপৰীয়া টিহু ৰেল ষ্টেচনৰোডৰ পৰাই অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ শোণিতপুৰ জিলাৰ বালিপৰাস্থিত আস্থানৰ জোৱান তথা টিহুৰ নিকটৱৰ্ত্তী সৰু কুছিজাৰ গাঁৱৰ হৰেন্দ্ৰ কলিতাৰ স্কুটীৰ ‘টুল বক্স’ ভাঙি বিছ হাজাৰ টকা অচিনাক্ত দুৰ্বৃত্তই লুট কৰি নিয়ে। তেয়োঁ ভাৰতীয় ষ্টেট বেংকৰ টিহু শাখাৰ পৰা আজি দুপৰীয়া বিছ হাজাৰ টকা উলিয়াইছিল। উল্লেখযোগ্য যে যোৱা ১১ এপ্ৰিলৰ নিশা টিহু ৰেল ষ্টেচনৰ সমীপত দুৰ্বৃত্তই পিষ্টল দেখুৱাই মটৰ চাইকেল আৰু ধন লুট কৰা আনহাতে ৭ এপ্ৰিলৰ নিশা টিহু নগৰৰ মাজমজিয়াত দোকান লুট কৰা ঘটনাৰ পাছতে আজি পুনৰ দুটাকৈ ধন লুটৰ ঘটনা প্ৰায় একে সময়তে সংঘটিত হোৱাত স্বাভাৱিকতে টিহুবাসীয়ে আতংকিত হোৱাৰ লগতে নিৰাপত্তাহীনতাও অনুভৱ কৰিছে। টিহুত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ নোহোৱাৰ বাবেই টিহুত দুষ্ট. চক্ৰই এনেদৰে এটাৰ পাছত এটা দুষ্কাৰ্য সংঘটিত কৰাৰ সুযোগ পোৱা বুলি অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষক এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি টিহুবাসীৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ৰাইজে দাবী জনাইছে।

Related Articles

Leave a Reply

Close