শেহতীয়া
Home / অসম / টিহুত প্ৰধানমন্ত্ৰী উজ্বলা দিৱস পালন

টিহুত প্ৰধানমন্ত্ৰী উজ্বলা দিৱস পালন

পংকজ বেজবৰুৱা, টিহু  প্ৰথম খবৰ ২০ এপ্ৰিল :  টিহু মহকুমাৰ ভালে সংখ্যক মহিলাৰ অংশ গ্ৰহণেৰে টিহু নগৰত আজি প্ৰধানমন্ত্ৰী উজ্বলা দিৱস পালন কৰা হয় ।‌

এই উপলক্ষে মহাত্মা গান্ধী ভৱনত টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সোমনাথ ডেকাৰ পৌৰোহিত্যত এখন সভাৰ আয়োজন কৰা হয় ।‌ টিহুৰ গণেশ গেছ এজেন্সিৰ উদ্যোগত আয়োজিত এই সভাখনৰ উদ্দেশ্য বিৱৰি কোৱাৰ লগতে ৰন্ধন গেছৰ নিৰাপদ ব্যৱহাৰ, ৰন্ধন গেছ ব্যৱহাৰ কৰোঁতে ল’বলগীয়া সাৱধানতা, ৰন্ধন গেছ ব্যৱহাৰৰ উপকাৰিতা, ৰন্ধন গেছ কেনেদৰে ৰাহি কৰিব পাৰি আদি সন্দৰ্ভত বিতং বক্তব্য আগবঢ়ায় এজেন্সিটোৰ স্বত্বাধিকাৰী পংকজ কুমাৰ বেজবৰুৱাই ।‌

সাংবাদিক পংকজ বেজবৰুৱাই পৰিচালনা কৰা সভাখনত টিহু নগৰ সমিতিৰ উপসভাপতি পৱন চন্দ্ৰ কলিতা, ৱাৰ্ড সদস্যা মঞ্জু কলিতা, প্ৰাক্তন সভাপতি প্ৰফুল্ল কলিতা, সদস্যা বিমলা দাস, সেৱা নিবৃত্ত প্ৰধান শিক্ষক প্ৰফুল্ল ৰাজবংশী প্ৰমুখ্য ভালেকেইগৰাকী গণ্য-মান্য লোকে ভাগ লয় ।‌ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পঞ্চাচটা পৰিয়ালৰ পঞ্চাচগৰাকী মহিলালৈ ৰন্ধন গেছৰ বিনামূলীয়া সংযোগো আগবঢ়োৱা হয় ।‌

Leave a Reply

Your email address will not be published. Required fields are marked *

*