অসম

ঠেঙাল স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰোধিতা, অন্তৰ্ভুক্তিৰ দিশত বঞ্চিত গেলেকীয়ালবাসী

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ খুমটাই মৌজাৰ কচুপথাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত গেলেকীয়াল অঞ্চলটো ঠেঙাল স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তি হোৱাক লৈ পৰিষদ গঠন হোৱাৰ পৰা বিৰোধিতা কৰি আহিছে অঞ্চলবাসীয়ে।

গেলেকীয়াল গাওঁৰ বাসিন্দাসকলৰ অভিযোগ কৰা মতে, প্ৰকৃতাৰ্থত কোনো যুক্তিতেই গেলেকীয়াল অঞ্চলটি ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্তি হোৱাৰ প্ৰাসংগিকতা নাই। কাৰণ অঞ্চলটোৰ প্ৰায় ৯৮% শতাংশ বাসিন্দাই আহোম আৰু চুতীয়া হোৱাৰ লগতে ৱাৰ্ডটোৰ প্ৰায় বাৰশ ভোটাৰৰ বিপৰীতে প্ৰায় দুশ মান ভোটাৰ ঠেঙাল সম্প্ৰদায়ৰ বাসিন্দা। তাৰ বাবে নিৰ্বাচনৰ সময়ত অঞ্চলটোৰ ৰাইজে তিনি কিলোমিটাৰ পথ বাটকুৰি বাই ভোটদান সাব্যস্ত কৰিবলগা পৰিস্থিতি উদ্ভৱ হৈ আহিছে।

ভোটাৰৰ সংখ্যা অনুযায়ী ভোট কেন্দ্ৰটো গেলেকীয়াল প্ৰাথমিক বিদ্যালয়তে হ’ব লাগিছিল যদিও ৰাজনৈতিক চাকনৈয়াত পৰি স্বায়ত্ত পৰিষদ এলেকাত অন্তৰ্ভুক্ত কৰা ফলত অঞ্চলটোত ভোট কেন্দ্ৰৰ বাবে উপযুক্ত বিদ্যালয় চৌহদ থকাৰ পাছটো ঠেঙাল গাওঁলৈ তুলি নিয়া হয়।

আনহাতে গেলেকীয়ালৰ আহোম চুতীয়া সম্প্ৰদায়ৰ বাসিন্দা সকল ঠেঙাল স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্তি হৈ থকাৰ বাবে চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে। যাতায়ত, বিশুদ্ধ খোৱাপানী, চিকিৎসা, কৃষকৰ টেক্টৰ, মহিলা সকলৰ সা-সুবিধা পৰাও এতিয়াও বঞ্চিত অঞ্চলবাসী। এতিয়া ঠেঙাল স্বায়ত্ত পৰিষদৰ পৰা গেলেকীয়াল অঞ্চলটোৰ নাম কৰ্তন কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

Related Articles

Leave a Reply

Close