অসম

ডিগবৈ মাজ মামৰনিত ডাইনী সন্দেহত এটি পৰিয়ালৰ তিনি জনক আক্ৰমণ

প্ৰথম খবৰ, ডিগবৈ: ৰাজ্যত পুনৰ ডাইনী কাণ্ডই জোকাৰি গৈছে ডিগবৈত। যোৱা নিশা ডিগবৈ মাজ মামৰনি অঞ্চলত এটি পৰিয়ালৰ তিনি জনক মৃতকৰ মাংস খোৱা অভিযোগত ডাইনী বুলি সন্দেহ কৰি স্থানীয় লোকে মাৰপিট কৰি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত কৰে‌। আঘাটপ্ৰাপ্ত কেইজনক ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা পিছত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰে।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডিগবৈ আৰক্ষীয়ে ৭৮/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইন অনুসৰি ৪৪৮/৩৫৪(বি) / ৩২৬/৩৪ ধাৰাত নৃপেন ওৰাঙ আৰু জিতেন ওৰাঙক আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close