অসম

ডিগবৈ শোধনাগাৰত ঐক্যমঞ্চৰ অৰ্থনৈতিক অৱৰোধ, শোধনাগাৰ আৰু টাৰ্মিনেলত থলুৱাক নিযুক্তিৰ দাবী

প্ৰথম খবৰ, পেঙেৰী: থলুৱাক নিযুক্তিৰ দাবীত সোমবাৰে ডিগবৈ শোধনাগাৰ বন্ধ কৰে স্থানীয় ২২টা সংগঠনৰ দ্বাৰা গঠিত বৃহত্তৰ ডিগবৈ ঐক্য মঞ্চই৷ পুৱা ৫ বজাৰ পৰা শোধনাগাৰৰ সকলো প্ৰবেশ দ্বাৰ বন্ধ কৰি শতাধিক প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তুলিছে৷ ফলত শোধনাগাৰটোত এজনো বিষয়া কৰ্মচাৰীয়ে প্ৰৱেশ কৰিব পৰা নাই৷

আনহাতে, নিশা কৰ্তব্য পালন কৰা কৰ্মচাৰীয়ো বাহিৰলৈ ওলাব নোৱাৰাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ আৰক্ষী, চি আৰ পি আৰু ঔদ্যগীক সুৰক্ষা বাহিনী শোধনাগাৰৰ চাৰিওফালে সষ্ট্ৰম হৈ পৰিছে৷

প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ হ’ল ঠিকাভিত্তীত স্থায়ী অস্থায়ী পদত ডিগবৈ অঞ্চলৰ যুৱকক নিযুক্তি প্ৰদান কৰা৷ লগতে ২০০৮ চনৰ পৰা শোধনাগাৰত কাম কৰি থকা বাহিৰা লোকসকলক উলিয়াই স্থানীয় নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close