অসমশীৰ্ষ

ঢকুৱাখনাত কেইবাখনো আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত ৬ খনকৈ উল্লেখযোগ্য আঁচনি শুভাৰম্ভণি কৰিলে মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই আঁচনি সমূহৰ ভিতৰত নতুন আৱৰ্ত্ত ভৱন, পঞ্চায়তৰ আৰু গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ (SIPRD), খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা চাৰিআলি হৈ মাতমৰালৈ ২ লেনযুক্ত পথ আৰু দলং নিৰ্মাণ (CRF), খজুৱা তিনিআলিৰ পৰা সোণাৰি চাপৰি হৈ খেৰকটা সূঁতিলৈ (মাজুলী) ২ লেনযুক্ত পথ নিৰ্মাণ (CRF), গোবিন্দপুৰ চাৰিআলিৰ পৰা ভোমাজাৰণি হৈ মাতমৰালৈ পথ আৰু দলং নিৰ্মাণ (PMGSY) কৰাৰ উপৰিও কনকলতা মহিলা সৱলীকৰণ যোজনা শুভাৰম্ভণি (SRLM)।

এই শুভাৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপৰিও লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close