অসমতিনিচুকীয়া

তিনিচুকীয়াত ১৫০ গৰাকী মহিলাক উজ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ, পেঙেৰী: প্ৰধান মন্ত্ৰী উজ্বলা দিৱসৰ লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী এল পি জি পঞ্চায়ত আঁচনিৰ অধিনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে শুকুৰবাৰে সমষ্টিটোৰ ১৫০ গৰাকী দৰিদ্ৰ মহিলাৰ মাজত বিনামূলীয়া এল পি জি গেছ চিলিণ্ডাৰ বিতৰণ কৰে৷

মহাকালি কমিউনিটি গৃহৰ প্ৰাংগনত আজি পুৱা অনুষ্ঠিত ৰন্ধন গেছ বিতৰণী অনুষ্ঠানত এই গেছ চিলিণ্ডাৰ সমূহ বিতৰণ কৰা হয়৷ ৰন্ধন গেছ বিতৰণী এই অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ স্বাস্থ্য বিভাগৰ ডি জি এম ডাঃ উৎপল শইকীয়া আৰু চেফটি মাৰ্কেটিং বিভাগৰ ডি জি এম ডাঃ সত্যকাম দুৱৰা উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close