শেহতীয়া
Home / অসম / তিনিচুকীয়াৰ ব্যতিক্ৰমী বিধায়ক সঞ্জয় কিশানৰ ব্যতিক্ৰমী পদক্ষেপঃ গৰু বিহুৰ নিশা কটালে দৰিদ্ৰ কৃষকৰ ঘৰতঃ বুজ ললে গাওৰ সমস্যা৷ পেঙেৰীৰ পৰা সীমান্ত চেতিয়া, প্ৰথম খবৰঃ এগৰাকী জনপ্ৰতিনিধিয়ে যদি নিজৰ অঞ্চলৰ সাধাৰন জনতাৰ সুখ দুখ অভাৱ অভিযোগৰ সতে একাত্ম হব নোৱাৰে তেনেহলে কেতিয়াও এজন ৰাইজৰ প্ৰতিনিধি প্ৰকৃত জনপ্ৰতিনিধি হব নোৱাৰে৷ সোৱে বাওৱে দেহৰক্ষীৰ কনভয় লৈ শীত তাপ নিয়ন্ত্ৰিত কক্ষত সুখ আৰু বিলাসী জীৱন কটোৱা আজিৰ তথাকথিত জনপ্ৰতিনিধিয়ে গাৱৰ খাতিখোৱা দৰিদ্ৰ আৰু নিষ্পেষিত জনতাৰ মৰ্মবেদনা কেতিয়াও উপলব্ধি কৰিব নোৱাৰে৷ জনপ্ৰতিনিধি আৰু জনতাৰ মাজৰ দুৰত্ব হ্ৰাস কৰিবৰ বাবে শেষতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশৰ জনপ্ৰতিনিধিসকলক ১৪ এপ্ৰিলৰ নিশা নিজৰ নিজৰ সমষ্ঠিৰ এক পিছপৰা অঞ্চলত উপস্থিত হৈ এজন সাধাৰন লোকৰ ঘৰত সাধাৰনভাবে নিশাটো কটাই ৰাইজৰ সুখ দুখৰ বুজ লবলৈ আহ্বান জনাইছিল৷ সেইমৰ্মে তিনিচুকীয়া সমষ্ঠিৰ ব্যতিক্ৰমী বিধায়ক সঞ্জয় কিশানে সমষ্টিৰ অন্তৰ্গত লাইপুলি গাৱত সন্ধিয়া গৈ উপস্থিত হৈ অঞ্চলটোৰ চহা কৃষক মুকুট শইকীয়াৰ ঘৰত নিশা যাপন কৰি প্ৰকৃত জনপ্ৰতিনিৰ পৰিচয় দিয়ে৷ লাইপুলি গাৱৰ বয়োজোষ্ঠ চহা খেতিয়ক মুকুট শইকীয়া৷ সাধাৰন কৃষি কৰ্ম আৰু এখন অটৰ চালক হিচাবে সংসাৰ পোহ পাল দি আহিছে৷ গৰু বিহুৰ সন্ধিয়া বিধায়ক সঞ্জয় কিশানে দুগৰাকী সহযোগী ক্ৰমে জোন চাংমাই আৰু ব্যক্তিগত সচিব বনি চাহানীৰ সতে গৈ শইকীয়াৰ ঘৰত গৈ উপস্থিত হয়৷ বিধায়কৰ উপস্থিতিত সৰ্বসাধাৰন পৰিয়ালটোৰ মাজত পাৰ ভগা আনন্দৰ জোৱাৰ উঠে৷ সাধ্য অনুসৰি পৰিয়ালটোৱে বিধায়কৰ আপ্যায়নত উঠি পৰি লাগে৷ গাওবাসীৰ সতে বিধায়ক সঞ্জয় কিশান এক অন্তৰংগ আলাপত মিলিত হৈ সমস্যা অভাব অভিযোগৰ বুজ লোৱাৰ লগতে চৰকাৰৰ জনকল্যানমূলক আচনিসমূহৰ বিষয়ে অবগত কৰে৷ নিশা জুইশালত শইকীয়াৰ পৰিয়ালটোৰ সতে পুৰা মাংস আৰু হাজ পানীৰ জুতি লয়৷ হাহি ধেমালিৰে শইকীয়াৰ ভগা পজাত নিশা এজন সাধাৰন লোকৰ দৰেই বিধায়ক কিশানে নিশাটো যাপন কৰি পুৱা বিদায় লয়৷ এই সন্দৰ্ভত বিধায়ক সঞ্জয় কিশানক এই প্ৰতিবেদকে অনুভব জানিব বিছৰাত বিধায়ক গৰাকীয়ে এই বুলি মন্তব্য কৰে যে, সাধাৰন গাৱলীয়া পৰিবেশ মই ভাল পাও৷ গাওৰ মানুহৰ অকৃত্ৰিম মৰম আন্তৰিকতাই মোক সদায়ে আকৰ্শিত কৰে৷ তাৰোপৰি শৈশব কালছোৱা মই বহু দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰিছো৷ চাহ বাগিছাই মোৰ জীৱন৷ শীত তাপ নিয়ন্ত্ৰিত কক্ষত থাকি সমষ্টি চলোৱা বিধায়ক মই নহয়৷ ৰাইজে মোক সমষ্টিটোৰ সেৱা কৰিবলৈ নিৰ্বাচিত কৰিছে ৰাইজৰ সুখেই মোৰ সুখ ৰাইজৰ দুখেই মোৰ দুখ৷ ৰাইজৰ সতে মই সদায়েই আছো সদায়েই থাকিম৷ শইকীয়াৰ ঘৰত যাপন কৰা এই নিশাটো তেওৰ বাবে স্মৰনীয় হৈ ৰব বুলি প্ৰকাশ কৰে৷

তিনিচুকীয়াৰ ব্যতিক্ৰমী বিধায়ক সঞ্জয় কিশানৰ ব্যতিক্ৰমী পদক্ষেপঃ গৰু বিহুৰ নিশা কটালে দৰিদ্ৰ কৃষকৰ ঘৰতঃ বুজ ললে গাওৰ সমস্যা৷ পেঙেৰীৰ পৰা সীমান্ত চেতিয়া, প্ৰথম খবৰঃ এগৰাকী জনপ্ৰতিনিধিয়ে যদি নিজৰ অঞ্চলৰ সাধাৰন জনতাৰ সুখ দুখ অভাৱ অভিযোগৰ সতে একাত্ম হব নোৱাৰে তেনেহলে কেতিয়াও এজন ৰাইজৰ প্ৰতিনিধি প্ৰকৃত জনপ্ৰতিনিধি হব নোৱাৰে৷ সোৱে বাওৱে দেহৰক্ষীৰ কনভয় লৈ শীত তাপ নিয়ন্ত্ৰিত কক্ষত সুখ আৰু বিলাসী জীৱন কটোৱা আজিৰ তথাকথিত জনপ্ৰতিনিধিয়ে গাৱৰ খাতিখোৱা দৰিদ্ৰ আৰু নিষ্পেষিত জনতাৰ মৰ্মবেদনা কেতিয়াও উপলব্ধি কৰিব নোৱাৰে৷ জনপ্ৰতিনিধি আৰু জনতাৰ মাজৰ দুৰত্ব হ্ৰাস কৰিবৰ বাবে শেষতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশৰ জনপ্ৰতিনিধিসকলক ১৪ এপ্ৰিলৰ নিশা নিজৰ নিজৰ সমষ্ঠিৰ এক পিছপৰা অঞ্চলত উপস্থিত হৈ এজন সাধাৰন লোকৰ ঘৰত সাধাৰনভাবে নিশাটো কটাই ৰাইজৰ সুখ দুখৰ বুজ লবলৈ আহ্বান জনাইছিল৷ সেইমৰ্মে তিনিচুকীয়া সমষ্ঠিৰ ব্যতিক্ৰমী বিধায়ক সঞ্জয় কিশানে সমষ্টিৰ অন্তৰ্গত লাইপুলি গাৱত সন্ধিয়া গৈ উপস্থিত হৈ অঞ্চলটোৰ চহা কৃষক মুকুট শইকীয়াৰ ঘৰত নিশা যাপন কৰি প্ৰকৃত জনপ্ৰতিনিৰ পৰিচয় দিয়ে৷ লাইপুলি গাৱৰ বয়োজোষ্ঠ চহা খেতিয়ক মুকুট শইকীয়া৷ সাধাৰন কৃষি কৰ্ম আৰু এখন অটৰ চালক হিচাবে সংসাৰ পোহ পাল দি আহিছে৷ গৰু বিহুৰ সন্ধিয়া বিধায়ক সঞ্জয় কিশানে দুগৰাকী সহযোগী ক্ৰমে জোন চাংমাই আৰু ব্যক্তিগত সচিব বনি চাহানীৰ সতে গৈ শইকীয়াৰ ঘৰত গৈ উপস্থিত হয়৷ বিধায়কৰ উপস্থিতিত সৰ্বসাধাৰন পৰিয়ালটোৰ মাজত পাৰ ভগা আনন্দৰ জোৱাৰ উঠে৷ সাধ্য অনুসৰি পৰিয়ালটোৱে বিধায়কৰ আপ্যায়নত উঠি পৰি লাগে৷ গাওবাসীৰ সতে বিধায়ক সঞ্জয় কিশান এক অন্তৰংগ আলাপত মিলিত হৈ সমস্যা অভাব অভিযোগৰ বুজ লোৱাৰ লগতে চৰকাৰৰ জনকল্যানমূলক আচনিসমূহৰ বিষয়ে অবগত কৰে৷ নিশা জুইশালত শইকীয়াৰ পৰিয়ালটোৰ সতে পুৰা মাংস আৰু হাজ পানীৰ জুতি লয়৷ হাহি ধেমালিৰে শইকীয়াৰ ভগা পজাত নিশা এজন সাধাৰন লোকৰ দৰেই বিধায়ক কিশানে নিশাটো যাপন কৰি পুৱা বিদায় লয়৷ এই সন্দৰ্ভত বিধায়ক সঞ্জয় কিশানক এই প্ৰতিবেদকে অনুভব জানিব বিছৰাত বিধায়ক গৰাকীয়ে এই বুলি মন্তব্য কৰে যে, সাধাৰন গাৱলীয়া পৰিবেশ মই ভাল পাও৷ গাওৰ মানুহৰ অকৃত্ৰিম মৰম আন্তৰিকতাই মোক সদায়ে আকৰ্শিত কৰে৷ তাৰোপৰি শৈশব কালছোৱা মই বহু দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰিছো৷ চাহ বাগিছাই মোৰ জীৱন৷ শীত তাপ নিয়ন্ত্ৰিত কক্ষত থাকি সমষ্টি চলোৱা বিধায়ক মই নহয়৷ ৰাইজে মোক সমষ্টিটোৰ সেৱা কৰিবলৈ নিৰ্বাচিত কৰিছে ৰাইজৰ সুখেই মোৰ সুখ ৰাইজৰ দুখেই মোৰ দুখ৷ ৰাইজৰ সতে মই সদায়েই আছো সদায়েই থাকিম৷ শইকীয়াৰ ঘৰত যাপন কৰা এই নিশাটো তেওৰ বাবে স্মৰনীয় হৈ ৰব বুলি প্ৰকাশ কৰে৷

 

পেঙেৰীৰ পৰা সীমান্ত চেতিয়া, প্ৰথম খবৰঃ
এগৰাকী জনপ্ৰতিনিধিয়ে যদি নিজৰ অঞ্চলৰ সাধাৰন জনতাৰ সুখ দুখ অভাৱ অভিযোগৰ সতে একাত্ম হব নোৱাৰে তেনেহলে কেতিয়াও এজন ৰাইজৰ প্ৰতিনিধি প্ৰকৃত জনপ্ৰতিনিধি হব নোৱাৰে৷ সোৱে বাওৱে দেহৰক্ষীৰ কনভয় লৈ শীত তাপ নিয়ন্ত্ৰিত কক্ষত সুখ আৰু বিলাসী জীৱন কটোৱা আজিৰ তথাকথিত জনপ্ৰতিনিধিয়ে গাৱৰ খাতিখোৱা দৰিদ্ৰ আৰু নিষ্পেষিত জনতাৰ মৰ্মবেদনা কেতিয়াও উপলব্ধি কৰিব নোৱাৰে৷ জনপ্ৰতিনিধি আৰু জনতাৰ মাজৰ দুৰত্ব হ্ৰাস কৰিবৰ বাবে শেষতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশৰ জনপ্ৰতিনিধিসকলক ১৪ এপ্ৰিলৰ নিশা নিজৰ নিজৰ সমষ্ঠিৰ এক পিছপৰা অঞ্চলত উপস্থিত হৈ এজন সাধাৰন লোকৰ ঘৰত সাধাৰনভাবে নিশাটো কটাই ৰাইজৰ সুখ দুখৰ বুজ লবলৈ আহ্বান জনাইছিল৷ সেইমৰ্মে তিনিচুকীয়া সমষ্ঠিৰ ব্যতিক্ৰমী বিধায়ক সঞ্জয় কিশানে সমষ্টিৰ অন্তৰ্গত লাইপুলি গাৱত সন্ধিয়া গৈ উপস্থিত হৈ অঞ্চলটোৰ চহা কৃষক মুকুট শইকীয়াৰ ঘৰত নিশা যাপন কৰি প্ৰকৃত জনপ্ৰতিনিৰ পৰিচয় দিয়ে৷ লাইপুলি গাৱৰ বয়োজোষ্ঠ চহা খেতিয়ক মুকুট শইকীয়া৷ সাধাৰন কৃষি কৰ্ম আৰু এখন অটৰ চালক হিচাবে সংসাৰ পোহ পাল দি আহিছে৷ গৰু বিহুৰ সন্ধিয়া বিধায়ক সঞ্জয় কিশানে দুগৰাকী সহযোগী ক্ৰমে জোন চাংমাই আৰু ব্যক্তিগত সচিব বনি চাহানীৰ সতে গৈ শইকীয়াৰ ঘৰত গৈ উপস্থিত হয়৷ বিধায়কৰ উপস্থিতিত সৰ্বসাধাৰন পৰিয়ালটোৰ মাজত পাৰ ভগা আনন্দৰ জোৱাৰ উঠে৷ সাধ্য অনুসৰি পৰিয়ালটোৱে বিধায়কৰ আপ্যায়নত উঠি পৰি লাগে৷ গাওবাসীৰ সতে বিধায়ক সঞ্জয় কিশান এক অন্তৰংগ আলাপত মিলিত হৈ সমস্যা অভাব অভিযোগৰ বুজ লোৱাৰ লগতে চৰকাৰৰ জনকল্যানমূলক আচনিসমূহৰ বিষয়ে অবগত কৰে৷ নিশা জুইশালত শইকীয়াৰ পৰিয়ালটোৰ সতে পুৰা মাংস আৰু হাজ পানীৰ জুতি লয়৷ হাহি ধেমালিৰে শইকীয়াৰ ভগা পজাত নিশা এজন সাধাৰন লোকৰ দৰেই বিধায়ক কিশানে নিশাটো যাপন কৰি পুৱা বিদায় লয়৷
এই সন্দৰ্ভত বিধায়ক সঞ্জয় কিশানক এই প্ৰতিবেদকে অনুভব জানিব বিছৰাত বিধায়ক গৰাকীয়ে এই বুলি মন্তব্য কৰে যে, সাধাৰন গাৱলীয়া পৰিবেশ মই ভাল পাও৷ গাওৰ মানুহৰ অকৃত্ৰিম মৰম আন্তৰিকতাই মোক সদায়ে আকৰ্শিত কৰে৷ তাৰোপৰি শৈশব কালছোৱা মই বহু দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰিছো৷ চাহ বাগিছাই মোৰ জীৱন৷ শীত তাপ নিয়ন্ত্ৰিত কক্ষত থাকি সমষ্টি চলোৱা বিধায়ক মই নহয়৷ ৰাইজে মোক সমষ্টিটোৰ সেৱা কৰিবলৈ নিৰ্বাচিত কৰিছে ৰাইজৰ সুখেই মোৰ সুখ ৰাইজৰ দুখেই মোৰ দুখ৷ ৰাইজৰ সতে মই সদায়েই আছো সদায়েই থাকিম৷ শইকীয়াৰ ঘৰত যাপন কৰা এই নিশাটো তেওৰ বাবে স্মৰনীয় হৈ ৰব বুলি প্ৰকাশ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*