অসমশীৰ্ষ

তিনিচুকীয়া প্ৰেছ ক্লাবৰ উন্নয়নৰ বাবে বিধায়কৰ ১: ৫ লাখ টকা ঘোষনা, প্ৰথম কিস্তীৰ চেক প্ৰদান

 

প্ৰথম খবৰ, পেঙেৰীঃ

পূৰ্বে ঘোষণা কৰা প্ৰতিশ্ৰতি ৰক্ষা কৰি তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে আজি তিনিচুকীয়া প্ৰেছ ক্লাবক প্ৰথম কিস্তীৰ ধনৰ চেক প্ৰদান কৰে৷ উল্লেখ্য যে, বিধায়ক সঞ্জয় কিশানে তিনিচুকীয়া প্ৰেছ ক্লাবৰ উন্নয়নৰ বাবে ১ লাখ ৫০ হাজাৰ টকাৰ অনুদান প্ৰদান কৰাৰ কথা ঘোষনা কৰিছিল৷ সেই মতে আজি দিনত বিধায়ক গৰাকী প্ৰেছ ক্লাৱত উপস্থিত হৈ প্ৰথম কিস্তীৰ ধনৰ ৫৬ হেজাৰ টকাৰ চেক প্ৰদান কৰে৷ চেক প্ৰদান উপলক্ষে প্ৰেছ ক্লাৱত আয়োজিত এক সভাত তিনিচুকীয়াৰ জ্যোষ্ঠ সাংবাদিক হিমেন ভট্টাচাৰ্য্য, মহম্মদ হুচেইন খানকে আদি কৰি বহুকেইগৰাকী সাংবাদিক উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close