অসমনগাঁও

থিয়েটাৰ অলিম্পিকত অসমৰ বিহু প্ৰদৰ্শন নগাঁৱৰ শিল্প কাননৰ

ননৈৰপৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: বিশ্ব থিয়েটাৰ অলিম্পিকত জিলিকি উঠিল অসমীয়াৰ প্ৰাণ বিহু। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা থিয়েটাৰ অলিম্পিকৰ আমন্ত্ৰণ মৰ্মে নগাঁৱৰ শিল্প কাননে এক সপ্তাহযোৰি বিহু প্ৰদৰ্শন কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

বিশিষ্ট ঢোলবাদক শোণিত কুমাৰ বৰাৰ লগতে থিয়েটাৰ অলিম্পিকলৈ ৰাওনা হোৱা মুঠ এঘাৰজনীয়া বিহুৰ দলটিৰ লগতে শিল্প কাননৰ এনে প্ৰচেষ্টাক নগাঁৱৰ সাংস্কৃতিক মহলে আদৰণি জনাই। শিল্প কাননৰ সম্পাদক ধঞ্জয় বৰদলৈ নেতৃত্বত বিহু প্ৰদৰ্শন কৰিবলৈ যোৱা শিল্প কাননে জন্ম লগ্নৰে পৰা অসমৰ সাংস্কৃতিক আৰু নাট্যক্ষেত্ৰলৈ ইতিবাচক বৰঙনি যোগাই আহিছে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক সুমন ৱেদ্যা আৰু দক্ষিনা শৰ্মাৰ প্ৰচেষ্টাত ২০০৬ চনতে নগাঁৱত প্ৰতিষ্ঠা লাভ কৰিছিল শিল্প কাননে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close