অসমনলবাৰী

দৌলাশালত জুৱাৰী আটক

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত সোমবাৰে বিয়লিৰ ভাগত দৌলাশাল আৰক্ষীয়ে জুৱা বিৰোধী অভিযান চলাই দুটা জুৱাৰীক আটক কৰিছে। দৌলাশালকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চলি থকা জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে সোমবাৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ তৎপৰতাত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগানন্দ বড়োৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে অভিযান চলাই দুটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়‌। আটক হোৱা জুৱাৰী দুটা ক্ৰমে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ জামালুদ্দিন (৪৫) আৰু নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত সোনাপুৰৰ ৰফিউল আলী(৪০) বুলি জানিব পৰা গৈছে‌।

দৌলাশাল আৰক্ষীৰ জুৱা বিৰোধী অভিযানৰ বাবে সচেতন মহলে দৌলাশাল আৰক্ষীক প্ৰশংসা কৰে। আজি জুৱাৰী দুটাক নলবাৰী আদালতত আৰক্ষীয়ে হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close