শেহতীয়া
Home / সভা-সমিতি / দৰঙৰ ছিপাঝাৰৰ ঐতিহাসিক পচকীয়া আঞ্চলিক থান সমিতিৰ ষষ্ঠ বিংশতিতম বাৰ্ষিক মাঙ্গলিক অনুষ্ঠান

দৰঙৰ ছিপাঝাৰৰ ঐতিহাসিক পচকীয়া আঞ্চলিক থান সমিতিৰ ষষ্ঠ বিংশতিতম বাৰ্ষিক মাঙ্গলিক অনুষ্ঠান

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: ছিপাঝাৰ পচকীয়া আঞ্চলিক থান সমিতিৰ ষষ্ঠ বিংশতিতম বাৰ্ষিক মাঙ্গলিক অনুষ্ঠানখনি দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হয়। প্ৰবাদ অনুসৰি পচকীয়াৰ এলেকাৰ নিজ বৰমপুৰ আৰু পোটাপুখুৰী গাঁওকেইখনৰ লোকে এটা সময়ত গৰু বিহু পাতোতে গৰুবোৰ বুঢ়ী গোসানীয়ে লুকোৱাই থৈছিল শেষত ৰাইজক সপোনত গৰু বিহু নাপাতিবলৈ সকিয়াই দিয়াত পৰম্পৰাগতভাৱে ইয়াৰ লোক সকলে বিহু উৎযাপনৰ সলনি পচকীয়া পুখুৰী খ্যাত বুঢ়ী গোসানীৰ শক্তিত বিশ্বাসী লোক সকলে ৮ ব’হাগত মাঙ্গলিক অনুষ্ঠান পাতি আহিছে বছৰ বছৰ ধৰি।

এই অনুষ্ঠানত কণী, পাৰ, পঠা, ইমানেই উচৰ্গা কৰে যে তাৰ সংখ্যা বৰ্ণনা কৰিব নোৱাৰি। প্ৰায় ২০/২৫ হাজাৰ ভক্তৰ সমাগম ঘটা অনুষ্ঠানটিত অসমৰ বিভিন্ন জিলাৰ লোক অহা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*