অসম

দৰঙৰ দীপিলাৰ দুনীত বোৱাৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই জোকাৰিছে সমগ্ৰ অসম

প্ৰথম খবৰ, দেওমৰনৈ: পুনৰ ধৰ্ষণৰ বলি হ’ল এগৰাকী নৱ বিবাহিত নাৰী। ৰাজ্যখনত এটাৰ পিছত এটাকৈ নাৰী অপহৰণ আৰু ধৰ্ষণৰ ঘটনা সঘটনাই ঘটি আহিছে। শনিবাৰে এগৰাকী অপহৃত ন-বোৱাৰী দিপীলাত উদ্ধাৰ হোৱা ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। শুক্ৰবাৰে সন্ধিয়া নলবাৰীৰ বৰমাৰ বজাৰ চকৰ পৰাই কৌশলেৰে মাৰুটি গাড়ীত টুলি অপহৰণ কৰিছিল তিনিজনীয়া দুৰ্বৃত্তৰ দলে।

শনিবাৰে দিপীলাৰ দুনী সমীপত দুনী মঙলদৈ পথৰ দাঁতিত দুৰ্বৃত্তই মূমূৰ্ষ অৱস্থাত পেলাই থৈ যায় দুৰ্বৃত্তৰ দলটোৱে। নিচাযুক্ত দ্ৰব্যৰে সংজ্ঞাহীন কৰি বোৱাৰী গৰাকীক অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীৰ শৰীৰৰ বস্ত্ৰ ফালি চিঙি পেলাই পাশৱিক উন্মাদনা পুৰণ কৰে। পিচত স্থানীয় লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি সুৰক্ষাৰ ব্যৱস্থা কৰে।

উলেখ্য যে, এই জঘন্য কাণ্ডৰ সৈতে মহিলা গৰাকীৰ স্বামী জড়িত থকা বুলি দাবী কৰিছে নিৰ্যাতিত মহিলা গৰাকীয়ে। কিয়নো নিজৰ স্বামীয়েই তিনিজনীয়া যুৱকৰ দলটোৰ সৈতে জোৰ জুমুলকৈ মাৰুটিত তুলি দিছিল।

যোৱা ৫ মাৰ্চত বৰমা সাউকুচীৰ ব্যৱসায়ী আমান আলিৰ সৈতে বিয়া হৈছিল মহিলা গৰাকী। কিন্তু বিয়াৰ পিছত পত্নীৰ মৰ্যদা দিয়া নাছিল তেওঁক। পত্নীক আলহি ঘৰৰ পৰা ঘৰলৈ উভতাই অনা পথত পৰিকল্পিতভাৱে দুৰ্বৃত্তৰ হাতত এৰি দি সতীত্ব ধ্বংস কৰাৰ লগতে ভয়াবহ বিপদলৈ থেলি দিয়ে। এনে ঘটনাবোৰৰ বাবে চৰকাৰ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে দাবী জনাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close