অসমনগাঁও

ধিঙৰ ৰাজপথত দপ দপকৈ জ্বলিল মৰাপাট ভৰ্তি ট্ৰাক

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: কিছুসময় পূৰ্বে নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক অগ্নিকাণ্ড। ধিঙৰ ৰাজপথত জ্বলি জ্বলিল এখন মৰাপাট ভৰ্ত্তি ট্ৰাক। যাৰ ফলত ট্ৰাকখনত থকা কেইবা লক্ষাধিক টকাৰ মৰাপাট জুইত জাহ যায়।

নাগালেণ্ডৰ পৰা ধিঙৰ ডুমডুমীয়া অভিমূখে আহি থকা অৱস্থাত এ এচ ০৫ চি ৩০২৮ নম্বৰৰ ট্ৰাকখনত জুইৰ সূত্ৰপাত ঘটে। বিদ্যুতৰ তাঁৰত লগাৰ ফলতেই জুইৰ সূত্ৰপাত হয় ট্ৰাকখনত। পিছত ধিঙৰ অগ্নি নিৰ্ব্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close