অসম

ধেমাজিৰ চিচিবৰগাঁৱত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন

 

 

প্ৰথম খবৰ, চিচিবৰগাঁও, ২১ এপ্ৰিলঃ
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন অসম, জোনাই জিলা চুতীয়া জাতি সন্মিলন আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত চিচিবৰগাঁও মহাবিদ্যালয়ৰ প্ৰাঙ্গনত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ল বীৰাংগনা সতী সাধনী দিৱস। ২০ আৰু ২১ এপ্ৰিলত দুদিনীয়া কাযক্ৰমণিকাৰে  আৰম্ভ হোৱা এই দিৱসৰ দ্বিতীয় দিনৰ এক আকৰ্ষণীয় কাযসূচী হৈছে বাৰে ৰহনীয়া শোভাযাত্ৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্রায় দহ হাজাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া সনস্কৃতি ৰে জীপাল কৰি তুলিলে চিচিবৰগাঁওৰ আকাশ- বতাহ। ইয়াৰ উপৰিও বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয় ,নাম ঘৰ, আত্মসহায়ক গোট, বোৱাৰী বিহু দল,দল সংগঠন আদি এ নিজৰ কৃষ্টি ক প্ৰদশন কৰি উদযাপন সহলীৰ পৰা আৰম্ভ কৰে শোভাযাত্ৰা। ইয়াৰ পাছতে মঞ্চত বিভিন্ন জনগোষ্টী সকলে পৃথকে পৃথকে নিজৰ কৃষ্টি পৰিবেশন কৰে। অন্য হাতে প্ৰতিকূল বতৰে বোকা পানীৰে উপচাই পেলোৱা উদযাপন  থলীত হাজাৰ হাজাৰ লোকে লোকাৰণীয় হৈ পৰা মণ্ডৱ থলীত আবেলি প্রায় ২.৩০ ত অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হয়  মুকলি সভা ।অসমৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ দলে, লখিমপুৰ  সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, ৰানোজ পেগু, ঋতুপৰ্ণ বৰুৱাৰ লগতে চুতীয়া জাতিৰ বিষয় ববীয়া ক্ৰমে অমীয় কুমাৰ বৰা, জিতেন শইকীয়া, হৰেন চুতীয়া,, ধেমাজি কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল ডঃ বুধিন বৰুৱা, কোষেশ্বৰ বৰা আদিৰ লগতে অসম চৰকাৰৰ সংস্কৃতিক বিভাগৰ বৰ্ণালী শৰ্মা, মাধুৰীমা শইকীয়া আৰু বহুকেইজন সমাজ কৰ্মীএ অতিথি আসন অলংকৃত কৰে। স্মৰ্তব্য যে, এই অনু্ষ্ঠানৰ লগত সংগতি ৰাখি মৃদুপৱন চুতীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘বীৰাঙ্গনা’ খনি উন্মোচন কৰে মন্ত্ৰী নৱ কুমাৰ দলেয়ে। উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াই কন্ঠদান কৰাৰ লগতে শিল্পীগৰাকীয়ে উদীয়মান লেখক- সাংবাদিক কংকনজ্যোতি ভূঞাই মুখ্য সম্পাদনা আৰু অজয় কুমাৰ চুতীয়াই সম্পাদনা কৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ধেমাজি জিলা সমিতিৰ বাৰ্ষিক মুখপত্ৰ ‘কাঁড়ফাই’ উন্মোচন কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close