অসমশীৰ্ষ

নগাঁৱৰ হাতীচোঙ মেধিচুকত অাজি সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড

প্ৰথম খৱৰ, জাজৰি:

হাতীচোং মেধিচোকৰ ৰবিধৰ দাস নামৰ লোকজনৰ ঘৰৰ পাছফালে থকা এটা খেৰৰ মেজি দিনৰ ১১ বজাত হঠাৎ দপ দপককৈ জ্বলি উঠে। কিহৰ পৰা জুইৰ সুত্ৰপাত হ”ল জানিব পৰা হোৱা নাই। জুই প্ৰত্যক্ষ কৰা লগতে জাজৰি অাৰক্ষীক খৱৰ দিয়ে। ঘটনাস্থলীত অাৰক্ষীৰ দল উপষ্ঠিত হয়। গাঁৱৰ ৰাইজেও বহুত কষ্ট কৰে জুই নুমুৱাবলৈ। পিছত অগ্নিনিৰ্বাপক বাহিনী অাহি জুই নুমুৱাবলৈ সক্ষম হয়। সৌভাগ্যক্ৰমে এটি নামঘৰ অাৰু বহু কেইটা ওচৰৰ ঘৰ জুই সূত্ৰপাত হোৱাৰ পৰা ৰক্ষা পৰে। কিন্তু খেৰৰ মেজিটো জুইয়ে পুৰি শেষ কৰাত দৰিদ্ৰ পৰিয়ালটোৰ মুৰত সৰগ ভাঙি পৰিল। কিয়নো গৰুৰ প্ৰধান অাহাৰ হিচাপে অাছিল এই একমাত্ৰ খেৰ খিনি। এতিয়া সেই খেৰ খিনি নষ্ট হোৱাত উপায়হীন হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close