অসমনলবাৰী

নলবাৰীত চাৰিটাকৈ ৰাজহুৱা জিৰণি চ’ৰা উদ্বোধন, বিধায়ক অশোক শৰ্মাই জ্যেষ্ঠ সকলক দিলে বিহুৱান

প্ৰথম খবৰ, নলবাৰী: নলবাৰী সমষ্টিৰ অন্তৰ্গত চাৰিটা ঠাইত যোৱাকালি দুপৰীয়াৰ পৰা সন্ধিয়া লৈ নলবাৰী ৰাজহঁ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দাঁতিত, হৰিমন্দিৰ চকত, গৰ্ডন চকত আৰু গোপালবজাৰত মুঠ চাৰিটাকৈ ৰাজহুৱা জিৰণি চ’ৰা উদ্বোধন কৰা হয়।

আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। তদুপৰি বিধায়ক গৰাকীয়ে সদলবলে কালি পহিলা বহাগত নলবাৰীৰ বিভিন্ন ঠাইৰ জ্যেষ্ঠ নাগৰিক সকলৰ আশীৰ্বাদ লয় আৰু বিহুৱান প্ৰদান কৰে‌। বিধায়ক শৰ্মাৰ এনে চিন্তা ধাৰাক ৰাইজে উচ্চ প্ৰশংসা কৰা পৰিলক্ষিত হয়। অনুষ্ঠান সমূহত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক নিতুল ডেকা, পুলক কুমাৰ শৰ্মা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, কিষাণ মৰ্চাৰ ৰাজ্যিক আহ্বায়ক দিলজিৎ বৰ্মন, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ সভাপতি আব্দুল চুভান, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, অ বি চি মৰ্চাৰ জিলা সভাপতি ধনমণি দাস, জিলা কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা, নলবাৰী নগৰ মণ্ডলৰ সভাপতি জয়ন্ত বেজবৰুৱা, সাধাৰণ সম্পাদক জোন বৰ্মন, কমল কুমাৰ জৈন, পূৱ নলবাৰী মণ্ডলৰ সভাপতি জয়ৰাম বৰ্মন, সাধাৰণ সম্পাদক খগেন ডেকা, সম্পাদক অঞ্জন তালুকদাৰ, কোষাধ্যক্ষ কিশোৰ কলিতা, যুৱ নেতা প্ৰণৱ কুমাৰ ডেকা, সীমান্ত বৰ্মন সহ বহুকেইগৰাকী নেতা-নেত্ৰী উপস্থিত থাকে।

যাত্ৰী জিৰণি চ’ৰা সমূহ উদ্বোধন কৰি বিধায়ক শৰ্মাই কয় যে, গুৱাহাটী মহানগৰীৰ পিছতে এনেদৰে অত্যাধুনীক জিৰণি চ’ৰা স্থাপন কৰা হয় আৰু আগন্তুক সময়ত ৰাইজৰ বাবে এনে জিৰণি চ’ৰা কেইবাটাও কৰা হ’ব বুলি দোহাৰে। ইফালে পহিলা বহাগ অৰ্থাত ৰঙালী বিহুৰ প্ৰথম দিনটোত এনেদৰে জ্যেষ্ঠ নাগৰিক সকলক বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লৈ বহুত সুখ অনুভৱ কৰা বুলি দোহাৰে বিধায়ক অশোক শৰ্মাই। লগতে তেওঁ কয় যে, এই সকল বিশিষ্ট নাগৰিকৰ আশীৰ্বাদে আমাক আগন্তুক ৰাজনৈতিক জীৱন আৰু সামাজিক জীৱনৰ এক প্ৰেৰণা বুলি মন্তব্য কৰে। ইফালে কালিয়ে নলবাৰী সমষ্টিৰ বৰখানাজানত এখন সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰে বিধায়ক শৰ্মাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close