শেহতীয়া
Home / সভা-সমিতি / নলবাৰীত নিয়োগ মেলা অাৰম্ভ

নলবাৰীত নিয়োগ মেলা অাৰম্ভ

প্ৰথম খবৰ,নলবাৰী: নিবনুৱা যুৱক যুৱতী সকলক সংষ্ঠাপন দিয়াৰ উদ্দেশ্য প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ অাঁচনিৰ অধিনত প্ৰায় শতাধিক ছাত্ৰ- ছাত্ৰীৰ মাজত নলবাৰীৰ চহৰৰ মাল্টি স্কিল ডেভলৱমেন্ট ফাউণ্ডেচন এণ্ড ট্ৰেনিং একাডেমী প্ৰাংগনত মঙ্গলবাৰে এখন নিয়োগ মেলা অাৰম্ভ হয়।

নলবাৰী জিলা শ্ৰম অাৰু নিয়োগ বিভাগৰ সহকাৰী বিষয়া দেবেন চন্দ্ৰ কলিতাই শুভাৰম্ভণি কৰা অনুষ্ঠানটো অাঁত ধৰে প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ প্ৰশিক্ষক শশাংক শৰ্মাই, বন্তি প্ৰজ্বলন কৰে অসম দক্ষতা বিকাশ অাঁচনিৰ নলবাৰী অাৰু বাক্সা জিলা অাঁচনিৰ প্ৰশিক্ষক প্ৰৱন্ধক বিকাশ চন্দ্ৰ মহন্তই।

অনুষ্ঠানত মাল্টি স্কিল ডেভলৱমেন্ট ফাউণ্ডেচন এণ্ড ট্ৰেনিং একাডেমীৰ সঞ্চালক দেৱজিৎ মহন্ত, নৱদ্বিপ একাডেমীৰ সঞ্চালক নৱ কান্ত তালুকদাৰ, হাইটেক কম্পিউটাৰৰ সঞ্চালক মৃণাল শৰ্মা, উইঞ্চ কম্পিউটাৰৰ সঞ্চালক ৰানা শৰ্মা, চামতাস্থিত ভাৰত গেছ এজেঞ্চিৰ সঞ্চালক মুনিন্দ্ৰ বৰ্মন, এছ অাৰ এলৰ নলবাৰী শাখাৰ প্ৰৱন্ধক সোমিন্দ্ৰ নাথ মহন্ত প্ৰধান মন্ত্ৰী কৌশন বিকাশ যোজনাৰ প্ৰশিক্ষক অভিজিৎ বৰ্মন, কিশোৰ শৰ্মা, কংকন দাস, প্ৰাঞ্জল কলিতা, কৌশিক শৰ্মা, ভাস্কৰ জ্যোতি শৰ্মাৰ লগতে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ অাঁচনিয়ে জিলাখনৰ প্ৰায় ভালে সংখ্যক নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ এক নতুন অাশাৰ ৰেঙনি দেখুৱাবকৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*