অসম

নলবাৰীত পথ সুৰক্ষা সপ্তাহ পালন, সভা আৰু সমদল

 

প্ৰথম খবৰ , নলবাৰী , ২৭ এপ্ৰিল :
নলবাৰী জিলা প্ৰশাসন আৰু নলবাৰী জিলা পৰিবহন বিভাগৰ সহযোগত যোৱা ২৩ এপ্ৰিলৰ পৰা চলি আছে পথ সুৰক্ষা সপ্তাহ ৷আজি শুক্ৰবাৰে নলবাৰী শ্বহীদ মকুন্দ কাকতি বাছ অস্থানত নলবাৰী মটৰ শ্ৰমিক ইউনিয়নৰ সহযোগত এখনি, সজাগতা সভা অনুষ্ঠিত হয় আনহাতে নলবাৰী চহৰৰ মাজেৰে এটা সজাগতা সমদল উলিওৱা হয় ৷

উক্ত সভাত সৰ্বসাধাৰণ ৰাইজে লবলগীয়া সকলো নিয়ম কানুনবোৰৰ বিষয়ে এই সভাৰ জৰিয়তে ৰাইজৰ মাজত অবগত কৰায় ৷নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস,জিলা পৰিবহন বিষয়া দিলিপ দাস, যান বাহন আৰক্ষীৰ উপ পৰিদৰ্শক দীপক বৰ্গীয়াৰী সহ কেইবাজনো বিষয়া, কনিষ্টবল,তথা ৰাইজ উপস্থিত থাকে ৷আনহাতে নলবাৰীৰ ভিন্ন স্থানট বাটৰ নাট প্ৰৰ্দশন কৰিও এই পথ সুৰক্ষাৰ বিষয়ে সজাগতা অনাৰ বাবে কাৰ্য্যসুচী গ্ৰহন কৰে।

Related Articles

Leave a Reply

Close