অসমনলবাৰী

নলবাৰীত পিষ্টল সহ আলফা সদস্য গ্ৰেপ্তাৰ

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ বৰকুৰাত যোৱা নিশা আৰক্ষী আৰু সেনা বাহিনীৰ দল এটাই আলফাৰ সদস্য এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বঙাইগাঁও জিলাৰ গাৰোগাঁওৰ আলফা সদস্যজনে ৰঙিয়াৰ সেনা শিবিৰত আত্মসমৰ্পণৰ বাবে আহি থাকোতে কালি নিশাৰ ভাগত আৰক্ষী আৰু সেনাৰ যুটীয়া তালাচীত গ্ৰেপ্তাৰ হয়।

সেনা বাহিনীৰ গোৰ্খা ৰেজিমেন্টৰ খৱৰৰ ভিত্তিত সেনাই নলবাৰী আৰক্ষীৰ সহযোগত আলফা সদস্যজনক বৰকুৰাৰ পৰা গ্ৰেপ্তাৰ কৰে। জমিৰ উদ্দিন খান নামৰ আলফা সদস্য জনৰ জিম্মাৰ পৰা সেনা আৰক্ষীয়ে এটা নাইন এম এম ৰিভলভাৰ সহ দুটা সক্ৰীয় গুলী জব্দ কৰে। গুৱাহাটী অভিমূখী এখন বাছত আহি থকা আলফা সদস্যজনক বৰকুৰাত আৰক্ষীয়ে বাছখনি ৰখোৱাৰ লগে লগে আটক কৰে। বাছৰ পৰা নামিয়ে সদস্যজনে পলাব বিছাৰিছিল যদিও আৰক্ষীয়ে খেদি গৈ কৰায়ত্ব কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা এটা ৰিভলভাৰ আৰু দুটা সক্ৰীয় গুলী জব্দ কৰে।

ইতিমধ্যে নলবাৰী আৰক্ষীয়ে ১৯৪/১৮ নং গোছৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ২৫/(ক) ধাৰাৰ অধীনত সদস্যজনক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়ীক জিম্মলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close