অসমনলবাৰী

নলবাৰীত মহিলা কংগ্ৰেছৰ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ক’লা দিৱস

প্ৰথম খবৰ, নলবাৰীঃ মঙ্গলবাৰে নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰী চহৰত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ক’লা দিৱস পালন কৰে। মূলত নাৰী নিৰ্যাতন, ধৰ্ষণ আৰু হত্যা-হিংসা ৰোধ কৰাত দেশ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত এই ক’লা দিৱস পালন কৰা হয়।

প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি দেশ-ৰাজ্যৰ বিজেপি চৰকাৰ হায় হায়, নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যৰ্থতাৰ বাবে পদত্যাগ কৰক, নাৰীক সুৰক্ষাৰ নামত ৰাজনীতি বন্ধ কৰক আদি প্ৰমূখ্যে শ্লোগান দি ৰাজপথ উত্তাল কৰি  তোলে।

সমদলৰ অন্তত প্ৰতিবাদকাৰী সকলৰ আগত নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে ভাষণ ৰাখি কয় যে, সম্প্ৰতি নাৰী প্ৰতিটো খোজতে নিৰ্যাতিত, লাঞ্ছিত, বঞ্চিত। দৈনিক নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যা হৈ আছে যদিও দেশৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰোধ কৰিব পৰা নাই। নিৰ্বাচনৰ আগত বিজেপি মহিলা সকলক কিমান প্ৰতিশ্ৰুতি দিছিল।

সোমবাৰে সেয়া ফুটুকাৰ ফেনত পৰিণত বুলি দোহাৰে। তেওঁ শীঘ্ৰে কঠোৰ আইন প্ৰণয়ন কৰি নাৰীৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close