অসম

নলবাৰীত ১০৮ খন পাৱাৰটিলাৰ বিতৰন  বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত প্ৰকৃত কৃষকে কৃষি সামগ্ৰী লাভ কৰিছে , বিধায়ক অশোক শৰ্মা

 

প্ৰথম খবৰ, নলবাৰী ২৩ এপ্ৰিল :
কেন্দ্ৰীয় চৰকাৰ অভিলাসী আচঁনিৰ অধীনত পূৱ- ভাৰতৰ সেউজ বিপ্লৱ (বি জি অাৰ ই অাই)অাঁচনিৰ অধীনত নলবাৰী কৃষি বিভাগৰ উদ্যোগত অাজি জিলা খনৰ ৩টা সমষ্টিৰ কৃষকৰ মাজত ১০৮ গৰাকী প্ৰকৃত কৃষকক পাৱাৰটিলাৰ বিতৰনৰ শুভাৰম্ভ কৰা হয় ।

স্থানীয় বিধায়ক অশোক শৰ্মাৰ লগতে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ প্ৰতিনিধি,জিলা কৃষি বিষয়া প্ৰনৱ শইকীয়া,নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য সমন্বয়ক ডঃ মূদুল ডেকা,কৃষি বিভাগৰ ভালে সংখ্যক বিষয়া-কৰ্মচাৰী সহ দুই শতাধিক কৃষকৰ উপস্হিতিত পাৱাৰটিলাৰ বিতৰন কৰা হয় ।

উক্ত পাৱাৰটিলাৰ আনুষ্ঠানিক ভাৱে বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । পাৱাৰটিলাৰ বিতৰণৰ কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কয় যে – বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী অতুল বৰাই দায়িত্ব লোৱাৰ পিছত কৃষি বিভাগত যথেষ্ট পৰিমাণে অনিয়ম হ্ৰাস পাইছে  এয়া শুভ লক্ষণ নহয় জানো এতিয়া প্ৰকৃত কৃষকে লাভ কৰিছে কৃষি বিভাগৰ সামগ্ৰী তথা সাহায্য । ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে – চৰকাৰী আঁচনি ৰূপায়নত কাৰো অৱহেলা বা অনিয়ম – দূৰ্নীতি সহ্য কৰা নহব । সেয়া বিষয়াই হক বা আনকোনোৱে হক । মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চৰকাৰৰ কাৰ্যকালৰ প্ৰথমৰ পৰাই সকলোকে সকিয়াই দিছে দূৰ্নীতি – অনিয়মৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ বুলি দোহাৰে । বিগত কংগ্ৰেছৰ কাৰ্যকালত নলবাৰীয়ে নহয় সমগ্ৰ অসমতে কৃষি মন্ত্ৰী নীলমণি সেন ডেকা, কৃষি মন্ত্ৰী ৰকিবুল হুছেইনৰ সময়ত দূৰ্নীতি – অনিমেৰে কৃষি বিভাগ নোদোকা হোৱাৰ অভিযোগ আছিল । এতিয়া ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰৰা নেতৃত্বত কৃষি বিপ্লৱৰ সূচনা হোৱা বুলি ৰাইজৰ মাজত চৰ্চা হোৱা বিষয়টো মন্তব্যত প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close